সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আজি বঙাইগাঁৱতো নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আছুৱে দহ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জিলা আছুৰ কাৰ্যালয় ছহিদ ভৱনৰ সন্মুখত পুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈ ৰূপায়ণ কৰা অনশন কাৰ্যসূচীত আঞ্চলিক সমিতিখনৰ সভাপতি কুলজিৎ ৰায়, সম্পাদক জগদীশ ৰায়কে ধৰি আছু কৰ্মীসকলে অংশ লয়৷
ইপিনে আঞ্চলিক আছুৰ সম্পাদক জগদীশ ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপি চৰকাৰে এই জাতিধ্বংসী বিধেয়কখন বলপূৰ্বকভাৱে অসমবাসীৰ ওপৰত জাপি দি অসমীয়া জাতিটোক নিঃশেষ কৰিব বিচাৰিছে আৰু এই কাৰ্যক আমি তীব্ৰ প্ৰতিবাদ জনাইছো৷ ভোটৰ অংকত বিজেপি চৰকাৰে এই বিধেয়কখন গৃহীত কৰিব বিচাৰিছে বুলি কৈ জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল আৰু নৰেন্দ্ৰ মোডীয়ে জানি থোৱা ভাল হ'ব যে ৰাইজে যিদৰে তেওঁলোকক বহু আশা কৰি শাসনত বহুৱাইছিল, ঠিক সেইদৰে এনে জাতিধ্বংসী কাৰ্যৰ বাবে এদিন শাসনৰ পৰাও নমাবলৈ বাধ্য হ'ব৷ আঞ্চলিক আছুৱে বিধেয়কখন বাতিল কৰাৰ বাবেও চৰকাৰক দাবী জনায়৷ অন্যথা ইয়াৰ কুফল বিজেপি চৰকাৰে ভুগিব লাগিব বুলিও কয় সম্পাদকগৰাকীয়ে৷
- Log in to post comments
- 12 views