বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১০ ঘণ্টীয়া অনশন

বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১০ ঘণ্টীয়া অনশন

বিলাসীপাৰাৰ পৰা জহিৰু লইছলাম

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসুচী অনুসৰি আজি পুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈকে বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদত আছুকে ধৰি ৩০টা জনগোষ্ঠীয় সংগঠনে অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অনশনত বহে।

বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১০ ঘণ্টীয়া অনশন

যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বিধেয়ক বাতিল নহয় তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব বুলি বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অবিনাশ শীলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক সকীয়াই দিয়ে। ইফালে বিলাসীপাৰাৰ মাজমজিয়াত চিপিআই (এম)ৰ বিলাসীপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১০ ঘণ্টীয়া অনশন

উক্ত কাৰ্যসুচীত প্ৰায় তিনি শতাধিক চিপিআই (এম)ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। 
 

Your Comments