গোলাঘাটত ছহিদ পৰিয়ালে ঘূৰালে স্মাৰক

গোলাঘাটত ছহিদ পৰিয়ালে ঘূৰালে স্মাৰক

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাক লৈ গোলাঘাটৰ ছহিদ পৰিয়ালে চৰকাৰক ঘূৰাই দিলে ছহিদ স্মাৰক। আজি গোলাঘাটৰ ৭টা ছহিদ পৰিয়ালে জিলা উপায়ুক্তক লগ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ক্ষোভ উজাৰি এনেদৰে ওভতালে সন্মানীয় ছহিদ স্মাৰক। জাতি-মাটি-ভেটিৰ শ্লোগানেৰে অসমৰ শাসনভাৰ কান্ধ পাতি অসমৰ ৮৫৫জন ছহিদৰ আত্মবলিদানক নেওচি চৰকাৰে লোৱা এনে জাতিদ্ৰোহী সিদ্ধান্তক ছহিদৰ প্ৰতি কৰা চৰম অপমান বুলি অভিহিত কৰি এনে সিদ্ধান্ত লোৱা বুলি স্পষ্ট কৰে আটাইকেইটা পৰিয়ালে। আৱেগত ভাগি পৰা অসম আন্দোলনৰ ছহিদসকল ক্ৰমে দেৱেশ্বৰ বৰা, ঘনকান্ত শইকীয়া, ভোগেশ্বৰ ফুকন, চন্দনজ্যোতি ভূঞা, অনিল বৰা, তপন কলিতা আদিৰ পৰিয়ালে চৰকাৰে আগবঢ়োৱা এই বঁটা এইদৰে ঘূৰাই দি সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Your Comments