মমতা বেনাৰ্জী আৰু কেন্দ্ৰৰ সংঘাত তুংগত : কেজৰিৱালেও অংশগ্ৰহণ কৰিব ধৰ্ণাত

ে

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ মাজত তুংগত উঠিছে সংঘাত৷ কালি পশ্চিমবংগৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক সোধ-পোচ কৰিবলৈ অহা চিবিআইৰ দলক পশ্চিমবংগ আৰক্ষীয়ে আটক কৰাৰ লগে লগেই এই সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰে৷ সাৰদা কেলেংকাৰী সন্দৰ্ভত ৰাজীৱ কুমাৰক সোধ-পোচ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰে স্বয়ং মুখ্যমুন্ত্ৰী মমতা বেনাৰ্জীয়ে৷ নিশাই বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ধৰ্ণাত বহে৷

আজি দুপৰীয়া ১ বজাত ধৰ্ণাস্থলীৰ পৰাই কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিব বেনাৰ্জীয়ে৷ বৰ্তমান কলকাতাৰ মেট্ৰ' চেনেলৰ ধৰ্ণাস্থলীত বিপুলসংখ্যক তৃণমূল কৰ্মী-সমৰ্থক উপস্থিত আছে৷ মমতা বেনাৰ্জীৰ সৈতে ধৰ্ণাত অংশগ্ৰহণ কৰিছে ৰাজীৱ কুমাৰেও৷ ধৰ্ণাস্থলিত তৃণমূল সদস্যসকলক সম্বোধন কৰি মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰে৷ তেওঁ অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোডীয়ে কৃষকক আৰ্থিক সাহায্য প্ৰদান কৰা বুলি মিথ্যাচাৰ কৰিছে৷

ইফালে মমতা বেনাৰ্জীৰ স্থিতিক সমৰ্থন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, অখিলেশ যাদৱ প্ৰমুখ্যে বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলে৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ অধিকাৰ হনন কৰিছে বুলি সকলোৱে একেমুখে অভিযোগ কৰিছে৷ অৰবিন্দ কেজৰিৱালে মমতা বেনাৰ্জীক ধৰ্ণাত সংগ দিবলৈ কলকাতালৈ ৰাওনা হৈছে৷

পশ্চিমবংগৰ ঘটনা প্ৰৱাহক লৈ আজি লোকসভা আৰু ৰাজ্যসভাত বিৰোধী দলসমূহে বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হয়৷ বিৰোধী দলসমূহে চৰকাৰক তীব্ৰ সমালোচনাৰে থকাসৰকা কৰাত দুয়োখন সদনত উত্তপ্ত পৰিষ্টিতিৰ সৃষ্টি হয়৷ ৰাজ্যসভা আৰু লোকসভা ২ বজালৈ স্থগিত ৰখা হৈছে৷    

Your Comments