তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া চিকিৎসা শিবিৰ : তিনি শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা-ঔষধ বিতৰণ

তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া চিকিৎসা শিবিৰ : তিনি শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা-ঔষধ বিতৰণ

বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ দিঘিলিপাৰস্থিত কাৰ্গিল ৱেৰিয়ৰ সেনা ছাউনিত ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজন, অসম  মেডিকেল কলেজ এলুমিনি এছ'চিয়েচন আৰু একাডেমিক ফ'ৰাম, গুৱাহাটীৰ যৌথ উদ্যোগত আৰু তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ লগতে আশা দৰ্শন ট্ৰাষ্ট (তামুলপুৰ)ৰ সহযোগত আজি এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।

তামুলপুৰস্থিত সেনাৰ ৰেড হৰ্ন ডিভিনৰ সেনা বিষয়া কৰ্ণেল অনিমেশ ঝাঁৰ তত্ত্বাৱধানত পুৱা ১০ বজাত অনুষ্ঠিত এই চিকিৎসা শিবিৰত চিকিৎসা বিশেষজ্ঞ ডঃ নিৰ্মল কুমাৰ বেৰীয়াল, ডঃ লুটফুৰ ৰহমান, ডঃ গীতা খাউণ্ড, ডঃ নৱজ্যোতি দত্ত, ডঃ ধীৰেণ চহৰীয়া, ডঃ বিভা দেৱী, ডঃ উদয়ন কটকী, ডঃ দামোদৰ দাসৰ উপৰি কেইবাজনো চিকিৎসা সহায়ক উপস্থিত থাকি বৃহত্তৰ তামুলপুৰ অঞ্চলৰ তিনি শতাধিক লোকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি ৰোগীসকলৰ মাজত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয়।

তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া চিকিৎসা শিবিৰ : তিনি শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা-ঔষধ বিতৰণ

চিকিৎসা শিবিৰটোত মেডিচিন বিভাগৰ উপৰি চকু, ই এন টি, স্ত্ৰী আৰু প্ৰসূতি, হিমাট'লজী বিভাগৰ বিশেষজ্ঞ চিকিৎসকে ৰোগীসকলৰ হাইপাৰটেনচন, মধুমেহ, গেষ্ট্ৰেইটিছ, হৃদৰোগ আদিৰ বাবে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি মহিলাসকলৰ গৰ্ভাশয়ৰ কৰ্কট ৰোগ চিনাক্ত কৰাৰ বাবেও কেইবাগৰাকী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। এই শিবিৰৰ লগত সংগতি ৰাখি এক বিনামূলীয়া ৰক্তদানৰ ব্যৱস্থাও কৰা হয়।

এই ৰক্তদান কাৰ্যসূচীত কেইবাগৰাকী সেনা জোৱান আৰু সাধাৰণ লোকে ৰক্তদান কৰা দেখা যায়। ভাৰতীয় সেনাৰ এনে বিনামূলীয়া চিকিৎসা শিবিৰে বৃহত্তৰ তামুলপুৰ অঞ্চলৰ বহু দুখীয়া পৰিয়ালক উপকৃত কৰিছে। সেনা বাহিনীৰ এনে সমাজসেৱামূলক উদ্যোগক অঞ্চলটোৰ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে তামুলপুৰ ৰেড হৰ্ন ডিভিজনৰ সেনা বিষয়া কৰ্ণেল অনিমেশ ঝাঁক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Your Comments