মধ্য প্ৰদেশত আজৱ ঘটনা : কুকুৰাৰ বিৰুদ্ধে থানাত অভিযোগ

a

মধ্য প্ৰদেশৰ শিৱপুৰীত সংঘটিত হ'ল এটা আজৱ ঘটনা। এটা কুকুৰাৰ বিৰুদ্ধে গোচৰ দিয়া হ'ল আৰক্ষী থানাত। শনিবাৰে শিৱপুৰীৰ আৰক্ষী থানাত আহি পুনম কুশৱাহ নামৰ এগৰাকী মহিলাই খংমুৱা হৈ আহি চুবুৰীয়া পৰিয়ালৰ এটা কুকুৰাৰ বিৰুদ্ধে গোচৰ দিয়ে। মহিলাগৰাকীৰ অভিযোগ চুবুৰীয়া ঘৰৰ কুকুৰাটোৱে তেওঁৰ ৮ মহীয়া কন্যা শিশুটিক আঁচুৰিছে। পূৰ্বতেও  শিশুটিক কুকুৰাটোৱে আঁচুৰিছে বুলি মহিলাগৰাকীয়ে উল্লেখ কৰে।

মহিলাগৰাকীয়ে কুকুৰাটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ধৰে৷ পুনমৰ অধিযোগৰ পিছত আৰক্ষীয়ে কুকুৰাটোৰ গৰাকীক থানালৈ মাতি পঠিয়াই৷ থানাত কুকুৰাৰ গৰাকী চুবুৰীয়া এহাল দম্পতি থানাত হাজিৰ হয়৷ থানাত কুকুৰাৰ গৰাকীজনে পুনমৰ ওচৰত কুকুৰাটোৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰে৷

তেওঁ মহিলাগৰাকীক আশ্বাস প্ৰদান কৰে যে কুকুৰাটোক এতিয়াৰে পৰা পিঞ্জৰাত ৰাখিব, যাতে সি কাকো আক্ৰমণ কৰিব নোৱাৰে৷ গৰাকীয়ে এনেদৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছত আৰু আৰক্ষীয়েও বুজোৱাৰ পিছত পুনম নামৰ মহিলাগৰাকীয়ে কুকুৰাটোৰ বিৰুদ্ধে কোনো গোচৰ নতৰিবলৈ সৈমান হয়৷ ইয়াৰ পিছত আটায়ে ঘৰমুৱা হয়৷ ঘটনাটোৱে শিৱপুৰী এলেকাত জনতাৰ মাজত ৰগৰৰ সৃষ্টি কৰে৷

Your Comments