তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

তামুলপুৰ মহকুমাৰ অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰৰ ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ সামৰণী অনুষ্ঠান আজিৰে পৰা আৰম্ভ হৈছে। আজি পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিকেতনৰ প্ৰতিষ্ঠাপক  কাৰ্যকৰী সভাপতি কবি চন্দ্ৰ বৰ্মনে। ইয়াৰ পিছতে অনুষ্ঠানৰ মুখ্য পতাকা উত্তোলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি মোহন চন্দ্ৰ ডেকাই। প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোচন কৰে তামুলপুৰ প্ৰেছ ক্লাবৰ সভাপতি খগেন বৈশ্যই। ইয়াৰ  পিছত "সোঁৱৰণীৰ এবেলা" শীৰ্ষক ন-পুৰণি শিক্ষাৰ্থীৰ সন্মিলন এখন অনুষ্ঠিত হয়।

"বহুমুখী শিক্ষা আৰু সাম্প্ৰতিক নৱপ্ৰজন্ম" শীৰ্ষক আলোচনা-চক্ৰ এখন উদ্বোধন কৰি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নাৰায়ণ ব্ৰহ্মই কয়-  কৃত্ৰিম বুদ্ধিমত্তা বিকাশৰ ধাৰা হৃদয়ঙ্গম কৰি নৱপ্ৰজন্মই আগবঢ়া উচিত। ৰাজস্থান, গুজৰাট, তামিলনাডু আদি ৰাজ্য  আন ৰাজ্যৰ তুলনাত বহুমুখী বিদ্যাত আগবাঢ়ি গৈছে। বক্তব্য প্ৰসঙ্গত ব্ৰহ্মই কয়- ডিগ্ৰী লাভ কৰিলেই জ্ঞানৰ বিকাশ নহয়। পৰীক্ষা নম্বৰকেন্দ্ৰিক বা টিউচনকেন্দ্ৰিক হ'ব নালাগে।

তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

নম্বৰকেন্দ্ৰিক প্ৰৱণতাৰ বাবে জ্ঞানৰ বিকাশ সীমিত। আলোচনা-চক্ৰত অংশগ্ৰহণ কৰি "গৰীয়সী"ৰ সহকাৰী সম্পাদক অংকুৰ ডেকাই কয়- নৱপ্ৰজন্মক শিক্ষিত কৰি সঠিক পথত নিবলৈহে চৰকাৰে বহুমুখী শিক্ষাৰ ব্যৱস্থা কৰা উচিত। পৃথিৱীৰ সমস্যা গোলকীকৰণ হৈ গৈছে৷ নৱপ্ৰজন্মক বিপদৰ সন্মুখলৈ ঠেলি দিছে অভিভাৱকসকলে৷ সাম্প্ৰতিক সময়ত আমি কিছুমানে বেমাৰ সৃষ্টি কৰিছো। যিমান পাৰি  বহুমুখী শিক্ষাৰো প্ৰাসংগিকতা বাধ্যতামূলক কৰিব লাগে৷

তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠান আৰম্ভ

এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পুথিভঁড়াল এটি শিক্ষানুষ্ঠানৰ অবিচ্ছেদ্য অংগ৷ কিতাপ পঢ়াৰো অভ্যাস গঢ় দিয়ক৷ বক্তব্য প্ৰসঙ্গত তেওঁ লগতে কয়- "ইণ্টাৰনেট ব্যৱস্থাত লাভ আছে৷ প্ৰত্যেক বস্তুৰে ধনাত্মক আৰু ঋণাত্মক গুণ আছে৷ নিজে নিজক পঢ়ুৱাই সংযম ৰক্ষা কৰিব লাগিব, ইয়াৰে বিকল্প নাই৷ আলোচনা-চক্ৰত ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ পাৰ্থফুকন মহন্ত উপস্থিত থাকে।

Your Comments