দ্বাৰকুছি আঞ্চলিক এবি এমছুৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশনৰ ব্যাপক প্ৰস্তুতি

দ্বাৰকুছি আঞ্চলিক এবি এমছুৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশনৰ ব্যাপক প্ৰস্তুতি

সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবি এমছুৰ দ্বাৰকুছি আঞ্চলিক সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশনখনি অহা ৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শংকৰ-আজান সমন্বয় ক্ষেত্ৰ, চিকনিবাৰীত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। দ্বাৰকুছি আঞ্চলিক এবি এমছুৰ সভাপতি আক্কেল হুছেইন আৰু সাধাৰণ সম্পাদক বদৰুদ্দিন খানে জনোৱামতে, কাৰ্যসূচীসমূহ সূচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে ইতিমধ্যে টাইছন হুছেইনক সভাপতি আৰু আক্কেল হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।

কাৰ্যসূচী অনুসৰি ৪ ফেব্ৰুৱাৰীত পুৱা পতাকা উত্তোলন কৰিব দ্বাৰকুছি এবি এমছুৰ সভাপতি আক্কেল হুছেইনে। লগতে শাখা সমিতিসমূহৰ সভাপতিসকলেও শাখা সমিতিসমূহৰ পতাকা উত্তোলন কৰিব। ছহিদৰ আত্মাৰ সদ্‌গতিৰ বাবে দোৱা কৰিব শিক্ষক হাফিজ চফিকুল ইছলামে। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতেই ভোজনালয়ৰ দ্বাৰ আৰু স্বেচ্ছাসেৱকৰ শিবিৰ মুকলি। দিনৰ ভাগত এবি এমছুৰ শিক্ষা সম্পাদক মোজাম্মিল হকৰ সঞ্চালনাত অনুষ্ঠিতব্য "বৃহত্তৰ দ্বাৰকুছি অঞ্চলৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা : প্ৰত্যাহ্বান আৰু প্ৰতিকাৰ" শীৰ্ষক আলোচনা-চক্ৰত আলোচক হিচাপে উপস্থিত থাকিব অঞ্চলটোৰ আটাইকেইখন শিক্ষানুষ্ঠানৰ মুৰব্বীসকল। ৫ ফেব্ৰুৱাৰীত পুৱাৰ ভাগত খেল-ধেমালি আৰু কুইজ প্ৰতিযোগিতা।

সিদিনা অন্যান্য কাৰ্যসূচীৰ লগতে দ্বাৰকুছি আঞ্চলিক এবি এমছুৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা। সন্ধিয়া প্ৰতিনিধি সভা উদ্বোধন কৰিব তামুলপুৰ জিলা এবি এমছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জেহেৰুল ইছলামে। ৬ ফেব্ৰুৱাৰীত পুৱা সাংস্কৃতিক সমন্বয়ৰ শোভাযাত্ৰা উদ্বোধন কৰিব তামুলপুৰ জিলা এবি এমছুৰ উপদেষ্টা মইনুল হক চৌধুৰীয়ে। দিনৰ ভাগত ছাত্র নেতা আক্কেল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগা মুকলি সভাখন উদ্বোধন কৰিব তামুলপুৰ জিলা এবি এমছুৰ সভাপতি টাইছন হুছেইনে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব এবি এমছুৰ সভাপতি আবু চায়েদ আনচাৰী।

নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ দিলীপ বৰা আৰু চৰ-চাপৰি সাহিত্য পৰিষদ, অসমৰ সভাপতি ডঃ হাফিজ আহমেদে। সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আৰক্ষী বিষয়া ৰাজেন বড়োৱে। উক্ত সাংস্কৃতিক সন্ধিয়াত ৰঙিয়া পৌৰসভাৰ উপ-পৌৰপতি ফজনুৰ হক আৰু সমাজ সংগঠক মিৰ্জান আলী বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব। সমূহ কাৰ্যসূচীতে সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে এবি এমছুৰ দ্বাৰকুছি আঞ্চলিক সমিতিৰ সভাপতি আক্কেল হুছেইন, সাধাৰণ সম্পাদক বদৰুদ্দিন খান, অভ্যৰ্থনা সমিতিৰ সভাপতি টাইছন হুছেইন, সাধাৰণ সম্পাদক আক্কেল হুছেইন আৰু প্ৰচাৰ বিভাগৰ সম্পাদক হাবিজ আলীয়ে।

Your Comments