"শিল্পীয়েহে শিল্পীৰ মূল বুজে", শিল্পীৰ মনবোৰ সদায় মানৱ দৰদী-এই কথাকেইষাৰ পুনৰবাৰ সত্যৰূপে প্ৰমাণিত হ'ল নগাঁৱৰ এগৰাকী বৰ্ষীয়ান শিল্পীৰ ক্ষেত্ৰত। ভ্ৰাম্যমানৰ জন্মলগ্নতে নটৰাজ অপেৰা, অসম ষ্টাৰ আদিকে ধৰি বিভিন্ন নাট্যদলত সুদীৰ্ঘকাল বেহেলা বাদনেৰে ৰাইজক মোহাক্লিষ্ট কৰা নগাঁও জিলাৰ হাতীচোং মৌজাৰ মাজগাঁৱৰ প্ৰবীণ শিল্পী লীলা শইকীয়া বৰ্তমান অসুস্থ হৈ চিকিৎসাধীন।
শিল্পীগৰাকীৰ সুচিকিৎসা লাভৰ ক্ষেত্ৰত পৰিয়ালবৰ্গই যথেষ্ট আৰ্থিক সমস্যাৰ সন্মুখীন হোৱাৰ সময়তে শিল্পীগৰাকীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি এক শিল্পীসুলভ মনৰ নিৰ্দশন দাঙি ধৰিছে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই। বিধায়িকাগৰকীয়ে প্ৰবীণ বেহেলাবাদক লীলা শইকীয়াৰ অসুস্থতাৰ খবৰ পোৱা মাত্ৰকে ফোন যোগে পৰিয়ালবৰ্গৰে তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে বিধায়িকাগৰাকীয়ে প্ৰেৰণ কৰা এটি প্ৰতিনিধিৰ দলে সোমবাৰে শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ আশু আৰোগ্য কামনা কৰি পৰিয়ালবৰ্গক কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে।
আনহাতে, বিধায়িকাগৰাকীৰ উদ্যোগত এখন এম্বুলেঞ্চৰে শিল্পীগৰাকীক আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। শিল্পীগৰাকীৰ চিকিৎসাৰ যাৱতীয় খৰচ বিধায়িকাগৰাকীয়ে বহন কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, পূৰ্বতেও বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা শিল্পী গৰাকীক ৫০,০০০ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰিছিল। বিধায়িকা আঙুৰলতাই অশীতিপৰ বেহেলাবাদক লীলা শইকীয়াৰ চিকিৎসা ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে বটদ্ৰৱাৰ বিভিন্নজনে। লগতে শিল্পীগৰাকীৰ আশু-আৰোগ্য কামনা কৰিছে বটদ্ৰৱাবাসী ৰাইজে।
- Log in to post comments
- 12 views