সম্প্ৰীতিৰ নিদৰ্শনেৰে লাহৰীঘাটত লুইতক ভেটাৰ প্ৰয়াস গঞাৰ

w

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
চৰকাৰ-প্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই ৰাইজৰ গাঁঠিৰ ধনেৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে চেষ্টা‌।
 বছৰ বছৰ ধৰি মৰিগাঁও জিলাৰ লাহৰীঘাটত অব্যাহত আছে বৰলুইতৰ ভয়াবহ খহনীয়াৰ তাণ্ডৱ। গৰাখহনীয়াৰ এই ভয়াবহ তাণ্ডৱত বিলিন গৈছে বহু ঐতিহাসিক গাঁৱৰ মছজিদ-মন্দিৰকে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠান। কেৱল অনুষ্ঠান-প্ৰতিষ্ঠানেই নহয় বহুতো লোকৰ ভেটি-মাটিয়ো জাহ গৈছে ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়াত। ফলত মাটি-ভেটি হেৰুৱাই পদ পথৰ ভিক্ষাৰীলৈ পৰিণত হৈছে হাজাৰ-হাজাৰ নৈ পৰীয়া ৰাইজ।

কিন্তু কোনো এখন চৰকাৰে আজিলৈকে এই ভয়াবহ খহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰিবলৈ সক্ষম নহ'ল। অৱশেষত চৰকাৰ তথা বিভাগৰ ওপৰত আস্থা হেৰুৱাই লাহৰীঘাট অঞ্চলৰ বিশিষ্ট শিক্ষক তথা সমাজ সেৱক আবুল ফজল বাশ্বানীক সভাপতি আৰু এই অঞ্চলটোৰ সমাজ সেৱক নৰেণ ডেকাক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন হোৱা ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাটবাসী ৰাইজে নিজৰ গাঠিৰ ধনেৰে খহনীয়াক ৰোধিবলৈ ওলাই আহিছে ব্ৰহ্মপুত্ৰক৷ নেদেখাজনৰ ওচৰত শৰণাপন্ন হৈ হিন্দু-মুছলমান লোকসকলে সৰ্বধৰ্মীয় দোৱা-প্ৰাৰ্থনা কৰি খহনীয়াক ৰোধিবলৈ হাতে-কামে লাগিলে লাহৰীঘাটবাসীয়ে।

Your Comments