৩০ জানুৱাৰীৰত প্ৰতিবাদী সমদল : ৰাইজৰ সহযোগিতা আহ্বান খাৰিজা বিজনী আঞ্চলিক বিধেয়কবিৰোধী মঞ্চৰ 

ৌ

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত অহা ৩০ জানুৱাৰীত সৰ্বস্তৰৰ ৰাইজৰ দ্বাৰা গঠন কৰা খাৰিজা বিজনী আঞ্চলিক নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বিৰোধী মঞ্চৰ উদ্যোগত পুৱা ১০ বজাৰ পৰা সৰভোগ সমষ্টিৰ অন্তৰ্গত খাৰিজা বিজনী মৌজাৰ পৰা বৰপেটাৰোডলৈ এটি প্ৰতিবাদী সমদলৰ আহ্বান কৰা হৈছে |  

উক্ত প্ৰতিবাদী সমদল কাৰ্যসূচীত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো দল-সংগঠনৰ সন্মানীয় নেতৃবৃন্দ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব | প্ৰতিবাদী সমদল কাৰ্যসূচীত সকলো স্তৰৰ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে সংশোধনী বিধেয়ক বিৰোধী মঞ্চই | সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ৷

Your Comments