ডবকাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধেৰে নলবাৰী কাণ্ডৰ প্ৰতিবাদ আছুৰ

a

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
নলবাৰীত আছু কৰ্মীৰ ওপৰত সংঘটিত বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আৰু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যজুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হোজাই জিলাৰ ডবকাত সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ আহ্বানত ১ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ আহ্বায়ক আলম হুছেইন তালুকদাৰ, ৰাতুল বৰা আৰু দেৱজিত বৰাৰ নেতৃত্বত শতাধিক আছু কৰ্মীয়ে ডবকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদস্থলীত আছু কৰ্মীয়ে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ আছু কৰ্মীসকলে বিজেপি মুৰ্দাবাদ, বিজেপি হায় হায়, আৰ এছ এছ মুৰ্দাবাদ, হিমন্ত বিশ্ব মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ আছুৰ এই ১ ঘন্টীয়া অৱৰোধৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে কেইবা শতাধিক সৰু-বৰ গাড়ীৰ যাতায়ত স্তব্ধ হৈ পৰে ৷

Your Comments