শিৱসাগৰত সমন্বয়ৰ অনুপম নিৰ্দশন খ্ৰীষ্টান-ইছলাম ধৰ্মীৰ মাজত

৩


পাঁচ কিলোমিটাৰ দূৰৰ মৈদামলৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ নশ্বৰ দেহ কঢ়িয়াই সমাধিস্থ কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে। দেশৰ চৌদিশে অসহিষ্ণুতা পৰিবেশ বিৰাজ কৰি থকাৰ মাজতেই সোমবাৰে শিৱসাগৰত সমন্ধয়ৰ এক অনুপম নিৰ্দশন দেখিবলৈ পোৱা গ'ল। এজন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ নশ্বৰ দেহ পাঁচ কিলোমিটাৰ দূৰত্বলৈ কান্ধত কঢ়িয়াই ধৰ্মীয় ৰীতি-নীতিৰে সমাধিস্থ কৰে।

ইছলাম ধৰ্মাৱলম্বী লোকে সমাধিস্থ কৰা ব্যক্তিজনৰ নাম ভেনচন ভেংকট। পেচাত এজন ৰাজমিষ্ট্ৰি ভেনচন ভেংকটৰ ঘৰ আছিল গুৱাহাটীৰ দিঘলীপুখুৰীত। চাৰিটা দশৰক পূৰ্বে শিৱসাগৰৰ শিৱ দৌল, ৰংঘৰ, তলাতল ঘৰ আদি মেৰামতি কামৰ বাবে আহিছিল শিৱসাগৰলৈ। পৰবৰ্তি সময়ত কাম শেষ হৈ যোৱাৰ পিছত গুৱাহাটীলৈ নগৈ স্থানীয় হাতীখোক অঞ্চলৰ মুস্তাফা হাজৰিকাৰ ঘৰত থাকি যায় আৰু মুস্তাফা হাজৰিকাৰ পুত্ৰ ৰফিকুল হাজৰিকাই স্বগৃহ ত্যাগ কৰি ৰংঘৰ চাৰিআলিস্থিত ঢুলীয়াপাৰত থাকিবলৈ লোৱাত ভেনচন ভেংকটও ৰফিকুল হাজৰিকাৰ ঘৰত থাকিবলৈ লয়।

ৰফিকুল হাজৰিকাই নিজৰ পিতৃ বুলি গণ্য কৰা ভেনচন ভেংকট কিছুবছৰ পূৰ্বে আকস্মিক দুৰ্ঘটনাত এখন ভৰি ভাঙি গৈছিল আৰু উন্নত চিকিৎসা কৰোৱাৰ পাছতো তেওঁৰ সুস্থ হৈ নুঠাত গুৱাহাটীৰ দিঘলীপুখুৰী আত্মীয়ে ভেনচন ভেংকটক লৈ যাব বিচাৰিছিল যদিও তেওঁ যাবলৈ তিলমানো ইচ্ছা প্ৰকাশ নকৰিলে। অৱশেষত তেওঁ দেওবাৰে নিশা ৰফিকুল হাজৰিকাৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে।

ভেনচন ভেংকটৰ ইচ্ছা আছিল মৃত্যুৰ পিছত তেওঁক যেন খ্ৰীষ্টান ৰীতি-নীতিৰে সমাধিস্থ কৰে। তেওঁ সেই শেষ ইচ্ছা পূৰণ কৰিবলৈ আগবাঢ়ি আহিল ৰফিকুল হাজৰিকাৰ পৰিয়াল। যোগাযোগ কৰে শিৱসাগৰৰ খ্ৰীষ্টান মণ্ডলীৰ লগত আৰু খ্ৰীষ্টান মণ্ডলীৰ পৰামৰ্শ অনুসৰি তেওঁৰ নশ্বৰ দেহ গা ধোৱাই এটা কফিনত ভৰাই ৰংঘৰ চাৰিআলিৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ কান্ধত লৈ দৰবাৰ ৰোডৰ খ্ৰীষ্টান লোকৰ মৈদামলৈ অনা হয় আৰু সম্পূৰ্ণ খ্ৰীষ্টান ধৰ্মীয় পৰম্পৰা মতে তেওঁক সমাধিস্থ কৰে।

ৰফিকুল হাজৰিকাৰ তিনি পুত্ৰ, পত্নী আন আত্মীয়ৰ লগতে ৰংঘৰ চাৰিআলি ঢুলিয়াপাৰৰ বহু ইছলাম ধৰ্মাৱলম্বী লোকে ভেনচন ভেংকটৰ শেষ যাত্ৰাত অংশ লয়। স্থানীয় হিন্দু, মুছলিম খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে ভেনচন ভেংকট সমাধিৰ চৌকাষে জ্বলোৱা মমৰ পোহৰে আলোকিত কৰি তোলে খ্ৰীষ্টান মৈদাম।

Your Comments