বঙাইগাঁৱত 'সেউজ প্ৰতিবাদী অৱস্থান' কাৰ্যসূচী

বঙাইগাঁৱত 'সেউজ প্ৰতিবাদী অৱস্থান' কাৰ্যসূচী

বঙাইগাঁও সদৰ চহৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত সন্যাসী পাহাৰ আৰু পাহাৰখনত থকা ঐতিহাসিক উপাসনাৰস্থলী শিৱ মন্দিৰ সংৰক্ষণ কৰা,  সন্যাসী পাহাৰৰ ভূমি কিদৰে বিভিন্ন ব্যক্তিৰ নামত পট্টাভূক্ত হোৱাৰ চৰকাৰী প্ৰক্ৰিয়া তথা তথ্য এমাহৰ ভিতৰত ৰাজহুৱা কৰা, পাহাৰখনৰত চলি থকা খনন কাৰ্য বন্ধ কৰা, সন্যাসী পাহাৰখনৰ ঐতিহ্য, প্ৰাকৃতিক সম্পদ, বন্যপ্ৰাণী সংৰক্ষণ কৰি পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলা, বঙাইগাঁও সদৰ চহৰৰ মাজেৰে প্ৰৱাহিত বঙাইগাঁৱৰ জীৱনৰেখা আৰু গংগাতুল্য পৱিত্ৰ টুনীয়া, টেকনঝৰা আৰু কুঁজিয়া নৈক প্ৰদুষণমুক্ত কৰি জনস্বাস্থ্য সুৰক্ষিত কৰা, বঙাইগাঁও জিলাৰ ভিতৰত থকা জলাশয়, বিল আদি বেদখলমুক্ত কৰাৰ লগতে চাপৰাকাটাত থকা নয়াছাৰা বিল বেদখলমুক্ত কৰা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা, বঙাইগাঁৱৰ সংৰক্ষিত বনাঞ্চল, প্ৰস্তাৱিত বনাঞ্চলত বিচৰণ কৰি থকা বিলুপ্তপ্ৰায় বন্যপ্ৰাণীৰ সংৰক্ষণ কৰাৰ লগতে বঙাইগাঁৱৰ বনভূমিৰ জৰীপ কাৰ্য নতুনকৈ কৰা আৰু জৰীপৰ জৰিয়তে পাহাৰ, নদ-নিজৰা, জলাশয়, বিল আদি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা, সন্যাসী পাহাৰক নানকাটি সংৰক্ষিত বনাঞ্চলৰ সৈতে সংযুক্ত কৰা আৰু বঙাইগাঁৱৰ মাষ্টাৰপ্লেন অনুসৰি  সদৰ চহৰৰ আন্তঃগাঁঠনি উন্নয়ন কৰা তথা ভূমিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ চলি থকা ভূমিৰ ক্ৰয়-বিক্ৰয় বন্ধ কৰাৰ দাবীত আজি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, কোচ ৰাজবংশী সংগ্ৰাম সমিতি, সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী, আদিবাসী ছাত্ৰ সন্থা, সেউজ মাণিকপুৰ, কলিতা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বঙাইগাঁও পাহাৰতলীত সোমবাৰে হাতে হাতে গছ পুলি লৈ সকলোৱে এক 'সেউজ প্ৰতিবাদী অৱস্থান' কাৰ্যসূচী ৰূপায়ণ কৰে।

111111

পুৱা ১১বজাৰ পৰা দুপৰীয়া ১ বজালৈ ৰূপায়ণ কৰা সেউজ প্ৰতিবাদী অৱস্থান কাৰ্যসূচীৰ অন্তত সংগঠনসমূহৰ তৰফৰ পৰা ওপৰোক্ত দাবীত যৌথভাৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্র প্ৰেৰণ কৰে । স্মাৰক-পত্ৰখন অৱস্থানস্থলীত কাৰ্যবাহী দণ্ডাধীশ এগৰাকী উপস্থিত হৈ গ্ৰহণ কৰে ৷ ইপিনে অৱস্থান কাৰ্যসূচীত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায়, সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ, প্ৰকৃতিপ্ৰেমী সংগঠন সেউজ মাণিকপুৰৰ সভাপতি মহিধৰ ৰায়, জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোৰঞ্জন ভাগৱতী, জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি নাৰায়ণ মেধি, জিলা আদিবাসী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বুধু চাওৱাচি, জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ উপদেষ্টা ব্ৰেজন বৰুৱা,  সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি ত্ৰৈলোক্য ৰায় আদিয়ে বক্তব্য ৰাখে আৰু সকলোৱে একত্ৰিত হৈ এই সমস্যাসমূহ সমাধানৰ ওপৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে.

লগতে প্ৰেছ ক্লাবৰ সদস্যসকলে এনে ৰাজহুৱা স্বাৰ্থজড়িত বিষয়সমূহত মাত মাতি অহাৰ বাবে সংগঠনসমূহে প্ৰেছ ক্লাবক ধন্যবাদ জনায় ৷ অৱস্থান কাৰ্যসূচীত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱ নাথ, জিলা কলিতা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি কলিতা, জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি পাঠক, জিলা কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সভাপতি হিতেশ সিংহ,  প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক উপানন্দ শৰ্মা তথা বাকী সাংবাদিকসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷ অৱস্থান কাৰ্যসূচীৰ অন্তত উক্ত স্থানত কিছুসংখ্যক গছ পুলিও ৰোপণ কৰা হয় ৷

Your Comments