শিৱসাগৰত সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

শিৱসাগৰত সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বৰুৱা

শিৱসাগৰ জিলাত সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ দুটা সমষ্টিৰ নিবাৰ্চনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা শিৱসাগৰ জিলাৰ জিলা পৰিষদৰ কাৰ্যালয়ৰত আৰম্ভ হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগে প্ৰকাশ কৰা সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্তশাসিত নিৰ্বাচনৰ চূড়ান্ত ফলাফল মতে ১৭নং ৰজাবাৰী সমষ্টিত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী যাদৱ ডেকাবৰুৱাই ১,১৫০টা ভোট লাভ কৰি জয়ী হয়। আনহাতে, কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমল কছাৰীয়ে ৯৭৮টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী শুভ্ৰজিত সোণোৱালে ৬৮৫টা ভোট লাভ কৰে। 

আনহাতে, ৩৪নং দিচাং-দিখৌ সমষ্টিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ চুড়ান্ত ফলাফল অনুসৰি সন্মিলিত গণশক্তি অসমৰ প্ৰাৰ্থী নিভা পেগু মিলি বিজয়ী হয়। নিভা পেগু মিলিয়ে ৫,৪০০টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী বৃষ্টি পাংগিং মিলিয়ে ৪০০৯টা ভোট, কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰেনুকা মিলিয়ে ১,৭৭৫টা ভোট লাভ কৰাৰ বিপৰীতে অগপৰ প্ৰাৰ্থী আৰতি য়েইনে ৪১০টা ভোট লাভ কৰে।

Your Comments