বইটামাৰীত মুখ্য মন্ত্ৰী-বিজেপি সভাপতিৰ প্ৰতিকৃতি দাহ আছুৰ

বইটামাৰীত মুখ্য মন্ত্ৰী-বিজেপি সভাপতিৰ প্ৰতিকৃতি দাহ আছুৰ

বিশেষ প্ৰতিবেদক, বইটামাৰী

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আৰু নলবাৰীত আৰক্ষী থানাত আছু সদস্যক আক্ৰমণৰ অভিযোগ তুলি আজি বঙাইগাঁও জিলাৰ বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাই বইটামাৰীত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰে।

বইটামাৰীত মুখ্য মন্ত্ৰী-বিজেপি সভাপতিৰ প্ৰতিকৃতি দাহ আছুৰ

বইটামাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা আছুৰ সদস্যসকলে নেতাদ্বয়ৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কাৰ্যসূচীত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সভাপতি যিনোদ নাথ, নৱনিৰ্বাচিত জিলা শিক্ষা সম্পাদক নীলোৎপল চক্ৰৱৰ্তীৰ লগতে বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে অংশগ্ৰহণ কৰে।

Your Comments