ফিল'বাৰীত জ্বলিল সৰ্বানন্দৰ প্ৰতিকৃতি

w

ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ নলবাৰীত আছু কৰ্মীক কৰা আক্ৰমন লগতে আছুৰ পতাকা ভৰিৰে মোহাৰা কাৰ্যক ধিক্কাৰ জনাই ফিল'বাৰীত জ্বলিল সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসৰ প্ৰতিকৃতি৷ এনে কাৰ্যৰ জৰিয়তে অসমৰ ৰাইজক ভয় খুৱাব বিচৰা হৈছে৷

এনে দাদগিৰি ওফৰাবলৈ ৰাইজক বেছি সময় নালাগিব বুলি কোৱাৰ লগতে সভাপতি-সম্পাদকে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে হোৱা পৰিস্থিৰ ভয়ত তেওঁলোকৰ মগজুৱে কাম কৰা নাই৷ ক্ষমতাত বলিয়া হৈ এনে কাৰ্য কৰাক লৈ তীব্ৰ বিৰোধ কৰিছে ফিল'বাৰী আছুৱে৷ যি খন মঞ্চৰ পৰা সৰ্বানন্দ সোণোৱালে আজি এই স্থান পাইছে সেইখন মঞ্চৰ পতাকা ভৰিৰে মোহাৰাক বিজেপিৰ পোহনীয়া নেতাসকলক সকিয়াই দিয়াৰ লগতে তেওঁলোকক ক'লা পতাকাৰ ভূতে খেদি আছে বুলি কয়৷

Your Comments