কোকৰাঝাৰত ৬ জনগোষ্ঠীৰ বিৰোধিতাৰে জনজাতিসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ ধৰ্ণা

ৈ

কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিকটত আজি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জনজাতিসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ঘোৰ বিৰোধিতা কৰে আৰু বিভিন্ন শ্লোগান দিয়ে।

তদুপৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সংশোধনী বিধেয়ক প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰাৰ লগতে কোনো কাৰণতে ছয় জনগোষ্ঠীক জনজাতিকৰণ মানি লোৱা নহ'ব বুলিও উল্লেখ কৰে । জনজাতিকৰণৰ বাবে গঠিত হোৱা কেবিনেট উপ-সমিতিক সম্পূৰ্ণৰূপে অসাংবিধানিক আখ্যা দি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে আন জনজাতিসকল ক্ষতিগ্ৰস্থ হ'ব বুলি প্ৰকাশ কৰিছে। 

Your Comments