গোলাঘাটত আছুৰ প্ৰতিবাদথলীত অঘটন : অগ্নিদগ্ধ মহিলা আৰক্ষী

ৌ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
আজি গোলাঘাট চহৰৰ বেজবৰুৱা চাৰিআলিত গোলাঘাট জিলা ছাত্ৰ সন্থাই নলবাৰীত বিজেপিয়ে আছুকৰ্মীৰ ওপৰত কৰা আক্ৰমণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

বিজেপি চৰকাৰ হায় হায়, বিজেপিৰ গুণ্ডাগিৰি নচলিব আদি চৰকাৰবিৰোধী শ্লোগানেৰে এক উত্তপ্ত পৰিস্থিতি উদ্ভৱ হোৱাৰ সময়তে এগৰাকী মহিলা আৰক্ষীয়ে প্ৰতিকৃতিৰ জুই নুমুৱাবলৈ গৈ অগ্নিদগ্ধ হয়৷ অৱশ্যে প্ৰতিবাদকাৰীসকলৰ তৎপৰতাত ৰক্ষা পৰে মহিলা আৰক্ষীগৰাকী।

Your Comments