১ ফেব্ৰুৱাৰীত বঙাইগাঁও-মাণিকপুৰ মহকুমাৰ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ শপত গ্ৰহণ অনুষ্ঠান

১ ফেব্ৰুৱাৰীত বঙাইগাঁও-মাণিকপুৰ মহকুমাৰ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ শপত গ্ৰহণ অনুষ্ঠান

বঙাইগাঁও সদৰ মহকুমাৰ অন্তৰ্গত ডাংতল উন্নয়ন খণ্ডৰ নৱনিৰ্বাচিত গাঁও পঞ্চায়তৰ সভাপতি, সদস্য, সদস্যা তথা আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ প্ৰথমখন সভা তথা শপত গ্ৰহণ অনুষ্ঠান অহা ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব৷ পুৱা ১০ বজাত ডাংতল খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া সভা আৰু শপত গ্ৰহণ অনুষ্ঠানত নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক উপস্থিত থাকিবলৈ কোৱা হৈছে৷ সেইদৰে মাণিকপুৰ মহকুমাৰ মাণিকপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো এই উন্নয়ন খণ্ডৰ অন্তৰ্গত নৱনিৰ্বাচিত পঞ্চায়ত সভাপতি, সদস্য, সদস্যা তথা আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলৰ শপত গ্ৰহণ আৰু প্ৰথমখন সভা অনুষ্ঠিত হ'ব৷

ডাংতল উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত হ'বলগা সভাত জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে আৰু মাণিকপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাত অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই সভাপতিত্ব কৰিব৷ উল্লেখ্য যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে এই সভা অনুষ্ঠিত কৰা হ'ব৷ এই সভাতেই আঞ্চলিক পঞ্চায়তৰ সভাপতি তথা উপ-সভাপতি আৰু গাঁও পঞ্চায়তৰ উপ-সভাপতি নিৰ্বাচিত কৰা হ'ব৷ সেয়ে এই শপত গ্ৰহণ অনুষ্ঠান আৰু প্ৰথম সভাত সমূহ পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলক উপস্থিত থাকিবলৈ প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে৷

Your Comments