চিৰাঙৰ ডাংতলত তীব্ৰবেগী ৰে'লে মহতিয়ালে টাটা মেজিক :নিহত ২, আহত ৩

চিৰাঙৰ ডাংতলত তীব্ৰবেগী ৰে'লে মহতিয়ালে টাটা মেজিক :নিহত ২, আহত ৩

চিৰাং জিলাৰ ডাংতল আৰু বাসুগাঁও ৰে'ল ষ্টেচনৰ মাজৰ টিলাপাৰাত আজি এখন দ্ৰুতবেগী ৰে'লগাড়ীয়ে উন্মুক্ত ৰে'লৱে' ক্ৰছিং পাৰ হ'ব খোজা অৱস্থাত টাটা মেজিক (সামগ্ৰী কঢ়িওৱা) এখনক মহতিয়াই নিয়াৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। উক্ত দুৰ্ঘটনাৰ ফলত দুজন ব্যক্তি ঘটনাস্থলীতে নিহত হোৱাৰ লগতে আন এজন ব্যক্তি গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। আনহাত, টাটা মেজিকত থকা আন দুজন ব্যক্তি তৎমুহূৰ্ততে গাড়ীৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰে যদিও তেওঁলোকো কিছু পৰিমাণে আহত হয়৷ টাটা মেজিকখনত চালকসহ ৫জন লোক আছিল৷

ঘটনা সন্দৰ্ভত জানিব পৰামতে, চিৰাং জিলাৰ ঢালিগাঁও থানা তথা নিলিবাৰী উপ-আৰক্ষী চকীৰ অন্তৰ্গত ডাংতল ৰে'ল ষ্টেচনৰ নিকটৱৰ্তী টিলাপাৰাৰ উন্মুক্ত ৰে'ল ক্ৰছিঙত আজি পুৱা ৯.৫৪মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। নিউ বঙাইগাঁৱৰ চুঙাপোতাৰ পৰা বনভোজ খোৱাৰ উদ্দেশ্যে ৰে'ল আলি অতিক্ৰম কৰি ভূমিশ্বৰ পাহাৰৰ দিশে যাবলৈ লওঁতে উজনিমুৱা ১৫৬৪৭ নম্বৰৰ তীব্ৰবেগী লোকমান্য তিলক এক্সপ্ৰেছ ৰে'লখনে এ এছ-১৯ এ চি- ১১৩৬ নম্বৰৰ টাটা মেজিকখনক প্ৰচণ্ড গতিত খুন্দা মাৰি খুঁটি নম্বৰ ২৪৫/৫ৰ পৰা ২৪৫/৭ নম্বৰ খুঁটিলৈ চোঁচৰাই নিয়াৰ পাছত চালকে দ্ৰুতবেগী ৰে'লখন ৰখাবলৈ সক্ষম হয়।

চিৰাঙৰ ডাংতলত তীব্ৰবেগী ৰে'লে মহতিয়ালে টাটা মেজিক :নিহত ২, আহত ৩

উক্ত দুৰ্ঘটনাৰ ফলত টাটা মেজিকৰ আৰোহীদ্বয় ক্ৰমে চুঙাপোতাৰ দিলীপ দেৱ (৬৫) আৰু শৈলেন দাসৰ (৬৪) ঘটনাস্থলীতে মৃত্যু হয়। নিহত লোক দুজন ৰে'ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল৷ আনহাতে, আশিস ভট্টাচাৰ্য (৫৫) গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সেইদৰে আন দুজন ব্যক্তি বিট্টু ভট্টাচাৰ্য আৰু অৰুণ চন্দ্ৰ নাথে ৰে'লগাড়ীখনে খুন্দা মৰাৰ প্ৰাকমুহূৰ্তত সম্ভাব্য বিপদৰ কথা জানিব পাৰি টাটা মেজিকৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। ইপিনে আলিপুৰদুৱাৰ সংমণ্ডলৰ অধীনৰ টিলাপাৰাস্থিত উক্ত লেভেল ক্ৰছিংটো ৰে'ল বিভাগৰ অনুমোদিত নহয় বুলি ৰে'লৱে সূত্ৰে সদৰী কৰিছে।

নিহত লোক দুজনৰ মৃতদেহ ফকিৰাগ্ৰাম জংচনস্থিত ৰে'লৱে সুৰক্ষা বাহিনীয়ে নিজৰ জিম্মাত লয়। ঘটনাৰ পাছত ৰে'লৱে বিভাগে প্ৰায় দুই ঘণ্টাৰ ভিতৰত ৰে'লপথছোৱা মুকলি কৰি স্বাভাৱিকভাৱে ৰে'লগাড়ী চলাচলৰ ব্যৱস্থা কৰে। একে স্থানত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকাৰ বাবে ৰে'ল বিভাগে উক্ত স্থানত যান-বাহনৰ চলাচল বন্ধ কৰিবলৈ কে'বাবাৰো ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও স্থানীয় ৰাইজে বাধা প্ৰদান কৰি আহিছে। ৰাইজৰ বাধা সত্ত্বেও আজি উক্ত ৰে'লৱে ক্ৰছিংটো বন্ধ কৰি দিয়ে।


 

Your Comments