ৰাঙলুৰ কন্দলীত যুৱতী সন্ধানহীন 

w

ৰাঙলুৰ কন্দলীত দেওবাৰে পুৱা সন্ধানহীন হয় এগৰাকী যুৱতী৷ পুৱা প্ৰায় ৯ মান বজাত ঘৰৰ পৰা গাঁৱলৈ বুলি ওলাই যোৱা প্রিয়ংকা বর্মন নামৰ যুৱতীগৰাকী বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত প্রিয়ংকাই হাতত এটা ম'বাইল ফোন লৈ গৈছিল বুলি পৰিয়ালৰ লোকে উল্লেখ কৰিছে।

প্রিয়ংকাৰ সৈতে পৰিয়ালৰ লোকে ফোনত যোগাযোগ কৰিবলৈ চেষ্টা চলাই আছে যদিও সংযোগ বিচ্ছিন্ন হৈ আছে বুলি মন্তব্য কৰিছে পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়া‌লে ৰাঙলু আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে প্রিয়ংকা বর্মনে প্রেমজনিত কাৰণত আত্মগোপন কৰি আছে নে সন্ধানহীন হৈ আছে, সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

Your Comments