বঙাইগাঁৱত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব মন্ত্ৰী ভৱেশ কলিতা

বঙাইগাঁৱত গণৰাজ্য দিৱস উপস্থিত থাকিব মন্ত্ৰী ভৱেশ কলিতা

সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁও চহৰৰ স্থানীয় গান্ধী ময়দানত কাইলৈ উলহ-মালহেৰে ভাৰতবৰ্ষৰ ৭০সংখ্যক গণৰাজ্য দিৱস বিস্তৃত কাৰ্যসূচীৰে উদ্‌যাপন কৰা হ'ব৷ ইতিমধ্যে গণতন্ত্ৰ দিৱস উদ্‌যাপনৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰভাত ফেৰীৰ পিচতে মাইকযোগে দেশভক্তিমূলক গীত বজোৱা হ'ব৷

ইয়াৰ পিচতে ব্যক্তিগত বাসভৱনত জাতীয় পতাকা উত্তোলন, চৰকাৰী, অৰ্ধ-চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহত জাতীয় পতাকা উত্তোলন, শিক্ষানুষ্ঠানৰ পৰা গান্ধী ময়দানলৈ ছাত্ৰ-ছাত্ৰীৰ শোভাযাত্ৰা, ছহিদ তৰ্পণ, গান্ধী ময়দানত বিশিষ্ট অতিথিৰ দ্বাৰা আনুষ্ঠানিকভাৱে জাতীয় পতাকা উত্তোলন, সম্বৰ্ধনা, পুৰস্কাৰ প্ৰদান, অনুদান বিতৰণ, সাংস্কৃতিক কাৰ্যক্ৰমণিকা, বঁটা বিতৰণ, কণ কণ ল'ৰা-ছোৱালীৰ মাজত খেল-ধেমালি প্ৰতিযোগিতা, বঙাইগাঁও সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, মানসিক পুনৰ সংস্থাপন কেন্দ্ৰ আৰু শিশু গৃহত ফলমূল বিতৰণ, মায়াপুৰী আৰু জ'লী মেক্স কথাছবি গৃহত ল'ৰা-ছোৱালীৰ বাবে বিনামূলীয়া কথাছবি প্ৰদৰ্শন, আবেলি প্ৰীতি ক্ৰিকেট খেল আৰু সন্ধিয়া বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী জিলা প্ৰশাসনে গ্ৰহণ কৰিছে৷

ইপিনে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা শেহতীয়াকৈ জানিবলৈ দিয়া মতে, কাইলৈ ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই বঙাইগাঁৱৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব৷

Your Comments