বঙাইগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

বঙাইগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলা নিৰ্বাচন বিষয়াৰ উদ্যোগতো আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। এই উপলক্ষে আজি বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা এক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে জিলা উপায়ুক্ত আদিল খানে। এই শোভাযাত্ৰা বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা বীৰঝৰা পাব্লিক লাইব্ৰেৰীলৈ উলিওৱা হয়। শোভাযাত্ৰাত বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ছাত্ৰীৰ লগতে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা বি এল অ' ছুপাৰভাইজৰ আৰু বি এল অ'সকলে অংশগ্ৰহণ কৰে।

বঙাইগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

ইয়াৰ পিছতে বীৰঝৰা পাব্লিক লাইব্ৰেৰীত এখন সজাগতা সভা আয়োজন কৰা হয়। সজাগতা সভাত সভাপতিত্ব কৰে উপায়ুক্ত আদিল খানে। তেওঁ ভাষণ প্ৰসংগত কয় যে এইবাৰৰ ভোটাৰ দিৱসৰ বিষয়বস্তু হৈছে 'কোনো ভোটাৰেই যাতে ভোটদানৰ পৰা বাদ পৰি নাযায়'৷ কাৰণ আমাৰ সংবিধানে আমাক ভোটাধিকাৰ দিছে৷ সেয়ে আমি সকলো ভোটাৰেই নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে৷ তাৰোপৰি আমি গণতান্ত্ৰিক সাৰ্বভৌম দেশৰ লোক৷

বঙাইগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

গতিকে আমি প্ৰত্যেকে এনেকুৱা চৰকাৰ এখন নিৰ্বাচন কৰিব লাগে, যিখন চৰকাৰে ভৱিষ্যতে আমাৰ দেশখনৰ বাবে ভালভাৱে কাম কৰিব পাৰে৷ তেওঁ আৰু কয় যে উঠি অহা যুৱচামে ভোটাধিকাৰ সাব্যস্ত কৰাটো নিতান্তই জৰুৰী। ধৰ্ম, বৰ্ণ, বয়স নিৰ্বিশেষে সকলোৰে ভোটাধিকাৰৰ মূল্য সমান। এই দিৱসটো গণতান্ত্ৰিক দেশখনত ভোটাৰ হিচাপে থকা সৰ্বোচ্চ ক্ষমতা ভোটাধিকাৰৰ গুৰুত্ব সম্পৰ্কে ভোটাৰসকলক সচেতন কৰিবলৈ পালন কৰা হয় বুলিও কয়৷

বঙাইগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

সভাত বঙাইগাঁও জিলাৰ জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱী, বঙাইগাঁও কলেজৰ অধ্যক্ষ ডঃ হিতেশ দাস, জিলা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ফিৰোজ আহমেদ আৰু অধিবক্তা জয়শ্ৰী বৰুৱায়ো বক্তব্য ৰাখে৷ সভাত উপায়ুক্ত আদিল খানে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শপত বাক্য পাঠ কৰায়৷

বঙাইগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

উল্লেখ্য যে শোভাযাত্ৰৰ পূৰ্বে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ভোটাধিকাৰ সজাগতাৰ বাবে ৰূপকোঁৱৰ সাংস্কৃতিক গোষ্ঠিৰ দ্বাৰা এখন বাটৰ নাটো পৰিবেশন কৰা হয়। সেইদৰে বিভিন্ন স্থানতো বাটৰ নাট পদৰ্শিত হয়৷ সভাত অতিৰিক্ত উপায়ুক্ত অনুপম ডেকা, অশ্ৰুমণি মালাকাৰ, কান্তা দাস আৰু নিৰ্বাচন বিষয়া বাসৱী ঠাকুৰীয়াও উপস্থিত থাকে।


 

Your Comments