বইটামাৰীত মৃত্যুবাৰ্ষিকীত ৰজকান্ত নাথক সোঁৱৰণ

বইটামাৰীত মৃত্যুবাৰ্ষিকীত ৰজকান্ত নাথক সোঁৱৰণ

বঙাইগাঁও জিলাৰ বইটামাৰীত আজি প্ৰয়াত সমাজকৰ্মী ৰজকান্ত নাথৰ সপ্তম মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়িত হয়। আজি পুৱা বইটামাৰীৰ সেৱাশ্ৰমত থকা প্ৰয়াত নাথৰ স্মৃতিসৌধত প্ৰথমে শ্ৰদ্ধাঞ্জলি জনায় পত্নী চপলা দেৱীয়ে। উপস্থিত আন ব্যক্তিসকলেও শ্ৰদ্ধাঞ্জলি জনায়।

বইটামাৰীত মৃত্যুবাৰ্ষিকীত ৰজকান্ত নাথক সোঁৱৰণ

তাৰপিছত স্থানীয় সমাজকৰ্মী নগেন ৰায়ৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আঁতধৰে তেখেতৰ পুত্ৰ নীলমণি নাথে। সভাত উপস্থিত থাকি শিক্ষক শিবানন্দ নাথ, শিক্ষক বাৰেক ভূঞা, সমাজকৰ্মী উৎপল চক্ৰৱৰ্তী, হৰিপ্ৰসাদ দাস আদি লোকসকলে প্ৰয়াত ৰজকান্ত নাথৰ স্মৃতি ৰোমন্থন কৰে।

Your Comments