নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গহপুৰত ব্লক কংগ্ৰেছৰ প্ৰতীকী অনশন

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গহপুৰত ব্লক কংগ্ৰেছৰ প্ৰতীকী অনশন

ৰাজ্যত প্ৰতিটো দিনেই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবিত প্ৰতিবাদ অব্যাহত থকাৰ সময়তেই আজিও গহপুৰত ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ অনুসৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৫ ঘণ্টীয়া প্ৰতীকী অনশন কাৰ্যসূচী গ্ৰহণ কৰে গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গহপুৰত ব্লক কংগ্ৰেছৰ প্ৰতীকী অনশন

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গহপুৰ মহকুমাধিপতিৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰক-পত্ৰ প্ৰদান কৰে গহপুৰ ব্লক কংগ্ৰেছ কমিটীৰ বিষয়ববীয়া আৰু কংগ্ৰেছকৰ্মীসকলে। অনশন কাৰ্যসূচীত ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগতে কংগ্ৰেছৰ দলীয় কৰ্মীসকল উপস্থিত থাকে।

Your Comments