বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কংগ্ৰেছৰ অনশন

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কংগ্ৰেছৰ অনশন

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি বঙাইগাঁৱতো কংগ্ৰেছ দলে ৫ ঘণ্টীয়া প্ৰতীকী অনশন কাৰ্যসূচী ৰূপায়ণ কৰে৷ বঙাইগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ সন্মুখত ৰূপায়ণ কৰা অনশন কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গিৰিশ বৰুৱা, প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যকে ধৰি জিলা কংগ্ৰেছৰ কে'বাগৰাকীও বিষয়ববীয়া তথা কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে৷

ইপিনে জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায়ে কয় যে বিজেপিৰ যি ফেচিষ্ট আৰু অসমৰ জাতিসত্তাক ধ্বংস কৰাৰ যি চিন্তা, তাক আমি কংগ্ৰেছ দলে ধিক্কাৰ দিছো৷ ভাৰতবৰ্ষ হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন আদি সকলো জাতি-ধৰ্মৰ লোকক লৈ ভাৰতীয় সমাজ গঢ়ি উঠিছে৷ ভাৰতীয় সংবিধানত সকলো জাতি-ধৰ্ম তথা ভাষা-ভাষী লোকৰ অধিকাৰৰ কথা উল্লেখ আছে৷ তেনে ক্ষেত্ৰত ইয়াত কাৰোবাৰ অধিকাৰ খৰ্ব কৰি, কাৰোবাৰ ভাষাক ধ্বংস কৰি যি চিন্তাৰে তেওঁলোকে এই বিধেয়কখন আনিব বিচাৰিছে তাক আমি ধিক্কাৰ দিছো৷

আনহাতে, প্ৰদেশ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই এই জাতিধ্বংসী বিধেয়কখন অনতি পলমে বাতিল কৰিব লাগে বুলি মন্তব্য কৰি যদিহে এই বিধেয়কখন গৃহীত হয় তেতিয়াহ'লে অসমীয়া শব্দটোৰ লগতে অসমীয়া জাতিৰ আৰু কোনো অৰ্থ নাথাকিব বুলিও কয়৷ লগতে এই বিধেয়কৰ বিৰোধিতা কৰি অসমবাসীক পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ অনুৰোধ জনোৱাৰ লগতে বিজেপি দল আৰু চৰকাৰৰ বিপক্ষে মাত মাতিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে অসমৰ জাতীয় সংগীতটো কে'বাবাৰো পৰিৱেশন কৰে যদিও বহি বহি পৰিৱেশন কৰা কাৰ্যক বিভিন্নজনে সমালোচনা কৰে৷

Your Comments