গহপুৰত আৰ্যভট্ট বিজ্ঞান প্ৰতিযোগিতা সমাপ্ত : ছাত্ৰ-ছাত্ৰীৰ উৎসাহজনক অংশগ্ৰহণ

গহপুৰত আৰ্যভট্ট বিজ্ঞান প্ৰতিযোগিতা সমাপ্ত : ছাত্ৰ-ছাত্ৰীৰ উৎসাহজনক অংশগ্ৰহণ

শিশু হৈছে ধৰণীৰ সম্পদ। এই সম্পদসমূহক স্কুলীয়া সময়ছোৱাত সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে সম্পৰ্কিত কৰি এগৰাকী শিশু অথবা ছাত্ৰক গঢ়ি তোলাৰ দায়িত্ব শিক্ষক সমাজৰ। সেই উদেশ্যে আজি গহপুৰ ছোৱালী হাইস্কুলত দিনৰ ১১ বজাৰ পৰা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, পূব ছয়দুৱাৰ খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিৱেশৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিজ্ঞান ভিত্তিত আকস্মিক বক্তৃতা, পোষ্টাৰ ড্ৰয়িং আৰু মডেল মেকিং প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এখন উদ্বোধনী সভা অনুষ্ঠিত কৰে। সভাৰ উদ্বোধন কৰে কবিৰাজ শৰ্মাই। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পবিত্ৰ শইকীয়াই। উক্ত সভাত সভাপতিত্ব কৰে জগদীশ শৰ্মাই। সমন্বয়ক ললিত ভূঞা আৰু তত্ত্বাৱধায়ক সঞ্জয় বিশ্বৰ্কমা। ২০খন বিদ্যালয়ৰ দ্বিশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে উক্ত বিজ্ঞান প্ৰতিযোগিতাত। কিছুসংখ্যকে প্ৰতিযোগিতাৰ বাবে প্ৰদৰ্শন কৰিলে বিজ্ঞান মডেল মেকিং প্ৰকল্প, কিছুসংখ্যকে ছবি অঁকা, আকস্মিক বক্তৃতাত অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখনি সফল কৰি তোলে।

গহপুৰত আৰ্যভট্ট বিজ্ঞান প্ৰতিযোগিতা সমাপ্ত : ছাত্ৰ-ছাত্ৰীৰ উৎসাহজনক অংশগ্ৰহণ

উক্ত প্ৰতিযোগিতাত বিচাৰকৰূপে উপস্থিত থাকে ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজু ওজা, বিপুল দাস, দিপন দিহিঙ্গীয়া, বিশ্বজিৎ বৰদলৈ, বলিন হাজৰিকাই। প্ৰতিযোগিতাৰ অন্তত বিভিন্ন বিভাগত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মডেল মেকিং প্ৰতিযোগিতাৰ ১ম, ২য়, ৩য় স্থান লাভ কৰে ক্ৰমে অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ঈশ্বৰানন্দ শইকীয়া, জ্ঞানভাৰতী পাব্লিক স্কুলৰ মুনলিনা হাজৰিকা, ছেণ্ট যোচেফ স্কুলৰ ভাৰ্গৱ শইকীয়াই। পোষ্টাৰ ড্ৰয়িংত ১ম, ২য় আৰু ৩য় স্থান লাভ কৰে ক্ৰমে গহপুৰ টাউন হাইস্কুলৰ দেৱজিৎ পাল, অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ভূমি বৰা, যুটীয়াভাৱে গহপুৰ কলেজিয়েটৰ লাচিত বৰা আৰু জ্ঞানভাৰতীৰ জ্যোতি বসুমতাৰীয়ে। আকস্মিক বক্তৃতাত ১ম, ২য়, ৩য় ক্ৰমে ছেণ্ট যোচেফৰ অভিলেখ বৰা, টাউন স্কুলৰ ইলোৰা ভূঞা, নেহেৰু হাইস্কুলৰ ডলী মুদৈ। ফলাফলৰ শেষত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়।

Your Comments