বঙাইগাঁৱত জ্যেষ্ঠ নাগৰিকৰ সৈতে জিলা উপায়ুক্তৰ সভা

 বঙাইগাঁৱত জ্যেষ্ঠ নাগৰিকৰ সৈতে জিলা উপায়ুক্তৰ সভা

বঙাইগাঁৱত নতুনকৈ যোগদান কৰা উপায়ুক্ত আদিল খানে আজি জিলাখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ লগত এক সভাত মিলিত হয় আৰু জিলাখনৰ বিভিন্ন সমস্যাৰ বুজ লয়। লগতে তেওঁলোকৰ পৰা বিভিন্ন দিশত দিহা-পৰামৰ্শ বিচাৰে আৰু সহযোগিতা কামনা কৰে। জ্যেষ্ঠ নাগৰিকসকলে উপায়ুক্তগৰাকীক জনায় যে বঙাইগাঁও এলেকাত বিশুদ্ধ খোৱাপানীৰ অভাৱ। বাঘেশ্বৰী পাহাৰত পানী যোগানৰ ব্যৱস্থা কৰা কথা আছিল যদিও বৰ্তমানলৈ একো ব্যৱস্থা লোৱা নহ'ল।

বঙাইগাঁৱৰ মানুহে বৰ্তমানে আইৰনযুক্ত পানী সেৱন কৰি থাকিবলগা হৈছে৷ তেওঁলোকে আৰু জনায় যে গান্ধী ময়দানখন অন্ততঃ ডেৰ ফুট মাটি দি ওখ কৰিলে ভাল হ'ব। তদুপৰি, বঙাইগাঁৱত চৰকাৰীভাৱে স্থায়ী বাছ আস্থান এটা অতি জৰুৰী। বৰপাৰাত যান-বাহন আৰক্ষীৰ ব্যৱস্থা কৰাটো দৰকাৰ বুলি জ্যেষ্ঠ নাগৰিকসকলে অৱগত কৰে। সেইদৰে যান-বাহন পাৰ্কিঙৰ সুব্যৱস্থা বঙাইগাঁৱত কৰিব লাগে বুলিও উপায়ুক্তগৰাকীক তেওঁলোকে জনায়। কাৰণ ৰাস্তাৰ আধাভাগ পাৰ্কিঙতে বন্ধ হৈ থাকে৷

জ্যেষ্ঠ নাগৰিকসকলে বঙাইগাঁৱত বৃদ্ধাশ্ৰম এখন অতি সোনকালে বনাব লাগে বুলিও উপায়ুক্তগাৰীক জনায়। আনহাতে, তেওঁলোকে উপায়ুক্তগৰাকীক জ্যেষ্ঠ নাগৰিকৰ বাবে বেংক, বিদ্যুৎ সেৱা, গেছ এজেন্সী, টেলিফোন সেৱাত আছুতীয়া কাউন্টাৰৰ ব্যৱস্থা কৰিব লাগে বুলি জনায়। সভাত জ্যেষ্ঠ নাগৰিকসকলক মাতি আনি বঙাইগাঁৱৰ সমস্যাৰ বুজ লোৱাৰ বাবে আৰু তেওঁলোকৰ পৰা দিহা-পৰামৰ্শ বিচৰা বাবে জ্যেষ্ঠ নাগৰিকসকলে উপায়ুক্তগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

Your Comments