তামুলপুৰত অসম দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ সফল সামৰণি

তামুলপুৰত অসম দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ সফল সামৰণি

অসম চৰকাৰৰ দ্বাৰা নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ আৰু ৰোজগাৰৰ বাবে চলি থকা আঁচনিৰ ড্ৰিম্‌ছ এন জি অ'ৰ উদ্যোগত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ বিনামূলীয়া প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সামৰণি পৰে। বাক্সা জিলাৰ তামুলপুৰস্থিত অসম দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰত আজি ৬০গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয়। প্ৰমাণ-পত্ৰ বিতৰণ কৰে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপ কলিতাই।

তামুলপুৰত অসম দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ সফল সামৰণি

প্ৰমাণ-পত্ৰ বিতৰণ কৰি অনুপ কলিতাই কয় যে এই প্ৰশিক্ষণৰ জৰিয়তে অসমৰ গাঁৱে-ভূঞে থকা শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক ভৱিষ্যৎ জীৱনত অধিক কৰ্মময় কৰাৰ লগতে অনাগত দিনত কাৰিকৰী দিশত দক্ষশীল আৰু এক ৰোজগাৰৰ পথ মুকলি হ'ব। তিনিমাহজোৰা এই প্ৰশিক্ষণত ৬০গৰাকী যুৱক-যুৱতীক  কাৰিকৰী আৰু পৰিচালনা বিভাগত প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে ড্ৰিম্‌ছ এন জি অ'ৰ সভাপতি ইমামুদ্দিন আহমেদ, প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়ববীয়া আব্দুল হেলিম, মিজানুৰ ৰহমান, ৰঞ্জন বড়োৰ লগতে প্ৰশিক্ষাৰ্থীসকল।

Your Comments