বঙাইগাঁৱত দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিৰ হিতাধীকাৰী নিৰ্বাচন সভা

 বঙাইগাঁৱত দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিৰ হিতাধীকাৰী নিৰ্বাচন সভা

সমাজ কল্যাণ বিভাগৰ অধীনত ২০১৮-১৯ বিত্তীয় বৰ্ষত দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনি নামেৰে ৪০ শতাংশ শাৰীৰিক অক্ষম লোকসকলক পেঞ্চন দিয়াৰ বাবে এখন আঁচনি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত ৪০ শতাংশ শাৰীৰিকভাৱে অক্ষম লোকক মাহিলি এহাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হয়৷ ২১ ধৰণৰ অক্ষমতা থকা লোকক এই পেঞ্চন দিয়া হ'ব। ইয়াৰ বাবে জিলাৰ উপায়ুক্তক সভাপতি হিচাপে লৈ এখন কমিটী আছে। স্থানীয় বিধায়কো এই কমিটীৰ সদস্য। আজি বঙাইগাঁও জিলাৰ কমিটীখনে উপায়ুক্তৰ সভাপতিত্বত তেওঁৰ সভাকক্ষত জিলাখনৰ শাৰীৰিকভাৱে অক্ষম লোকসকলক এই আঁচনিৰ অধীনত পেঞ্চন দিয়াৰ বাবে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। সেই অনুসৰি সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰমাণ-পত্ৰ দিয়া ৩৫নং দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ ৪১৬জন, ৩৪নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ৪৩৭জন আৰু ৩২নং বঙাইগাঁও বিধানসভা সমষ্টিৰ ৫০জন দিব্যাংগ লোকৰ নাম অনুমোদন জনোৱা হয়।

এই লোকসকলৰ নাম সমাজ কল্যাণ সঞ্চালকালয়লৈ পঠোৱা হ'ব। এই আঁচনিৰ প্ৰক্ৰিয়া চলি থাকিব। হিতাধিকাৰীসকলে সমাজ কল্যাণ বিভাগে দিয়া নিৰ্দিষ্ট প্ৰ-পত্ৰত আবেদন জনাব লাগিব। ইয়াৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ দৰকাৰ নাই। বয়সৰ সীমাও নাই। ইয়াৰ বাবে কোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেংকত একাউন্ট থাকিব লাগিব। আজিৰ সভাত জিলা সমাজ কল্যাণ বিষয়াই এই আঁচনিৰ বিষয়ে বিৱৰি কয়। সভাত বিধায়ক অনন্ত কুমাৰ মালো তথা শিশু বিকাশ প্ৰকল্প বিষয়াসকলৰ লগতে কমিটিৰ আন সদস্যসকলো উপস্থিত থাকে।

Your Comments