বিৰিণা গোষ্ঠীৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বিশাল প্ৰস্তুতি : দৌলাশালত লাইখুঁটা স্থাপন

 বিৰিণা গোষ্ঠীৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বিশাল প্ৰস্তুতি : দৌলাশালত লাইখুঁটা স্থাপন

চেঙাৰ পৰা সুৰজিৎ পাঠক

ৰাজ্যখনৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। অহা ৩ ফেব্ৰুৱাৰী দেওবাৰে নলবাৰী জিলাৰ দৌলাশালত দিনজোৰা কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'ব গোষ্ঠীটোৰ বৰ্ষপূৰ্তি অনুষ্ঠান। এই উপলক্ষে আজি দৌলাশালৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ভাস্কৰ সামূহিক কেন্দ্ৰৰ বাকৰিত বৰ্ষপূৰ্তি অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি লাইখুঁটা স্থাপন কৰে দৌলাশালস্থিত কানাই ব'লাই আদি থান সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক কামিনী মোহন নাথে আৰু বন্তি প্ৰজ্বলন কৰে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সুৰজিৎ পাঠকে।

বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকে আঁতধৰা আজিৰ অনুষ্ঠানটোত দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক ফুকন নাথ, দৌলাশাল শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য অৱনী নাথ, দৌলাশাল মজলীয়া বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীবৃন্দ, ভাস্কৰ সামূহিক কেন্দ্ৰৰ সহকাৰী সম্পাদক নিকুঞ্জ নাথ, পশ্চিম বৰক্ষেত্ৰী শাখা ছাত্ৰ সন্থাৰ সম্পাদক দেৱজিৎ নাথ, স্থানীয় ৰাইজ আৰু বিৰিণা গোষ্ঠী, অসমৰ কেইবাগৰাকী সদস্য উপস্থিত থাকে। বিৰিণা গোষ্ঠীৰ ৰাজ্যিক সম্পাদক তফিকুৰ ৰহমানে চতুৰ্থ বৰ্ষপূৰ্তিৰ বিশাল প্ৰস্তুতি সম্পৰ্কত জানিবলৈ দিয়ে। কাৰ্যসূচী অনুসৰি ৩ ফেব্ৰুৱাৰীৰ পুৱা ভাস্কৰ সামূহিক কেন্দ্ৰৰ দ্বাৰা স্বচ্ছ অভিযান সমাপনৰ পিছতে বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকে পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।

 বিৰিণা গোষ্ঠীৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বিশাল প্ৰস্তুতি : দৌলাশালত লাইখুঁটা স্থাপন

পুৱা ১০ বজাত দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত আৰম্ভ হ'ব প্ৰতিনিধি সভা। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা শতাধিক কবি-সাহিত্যিকে প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিব। বন্তি প্ৰজ্বলন কৰিব দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি অকণ চন্দ্ৰ চৌধুৰী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব দৌলাশাল হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাই। বিয়লি ২.৩০ বজাত ভাস্কৰ সামূহিক কেন্দ্ৰৰ বাকৰিত অনুষ্ঠিত হ'ব মুকলি সভা, কবিতা পাঠ, গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠান। সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিতব্য মুকলি সভাত পঠিত কবিতাৰ ওপৰত আলোচনা আগবঢ়াব লখিমপুৰৰ বিশিষ্ট লেখিকা কল্যাণী চক্ৰৱৰ্তী গগৈয়ে।

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব কৃষ্ণগুৰু বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মাধুৰ্যমণ্ডিত বৰুৱা, গুৱাহাটী প্ৰাগজ্যোতিষ কলেজৰ অধ্যক্ষ ডঃ মনোজ মহন্ত, অসমৰ সহকাৰী স্বস্থ্যসেৱা সঞ্চালক ডঃ কুমাৰেন্দ্ৰ নাথ, মধ্য কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ হৰেন্দ্ৰ নাথ তালুকদাৰ, এছ আৰ ফাউণ্ডেচন বৰপেটাৰ অধ্যক্ষ ৰবিউল হুছেইন, অৱসৰী প্ৰধান শিক্ষক গৰ্গনাৰায়ণ বৰ্মন, বিশিষ্ট কবি তথা সাহিত্য সংগঠক লখিমপুৰৰ মুকুট গগৈ আৰু বিশিষ্ট কবি কাব্যনীল। মুকলি সভাতে বিৰিণাৰ বাৰ্ষিক কাব্যালোচনী "বৃন্তিকা" আৰু কবি আতিকুৰ ৰহমানৰ "চিঠিবোৰ ডাকত দিয়া নহ'ল"  গ্ৰন্থ দুখন উন্মোচন কৰা হ'ব।

 বিৰিণা গোষ্ঠীৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বিশাল প্ৰস্তুতি : দৌলাশালত লাইখুঁটা স্থাপন

উক্ত অনুষ্ঠানতে বিগত বছৰবোৰৰ দৰে বিৰিণা সাহিত্য বঁটা আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা প্ৰদান কৰা হ'ব। নলবাৰীৰ বিশিষ্ট কবি-প্ৰবন্ধকাৰ বিনয় কুমাৰ মজুমদাৰক "বিৰিণা সাহিত্য বঁটা ২০১৯" আৰু কামৰূপ জিলাৰ হাজোৰ বিশিষ্ট সংবাদকৰ্মী তথা আছাম টক্‌ছৰ জ্যেষ্ঠ সাংবাদিক বিশ্বজিৎ দাসক "বিৰিণা সাহিত্য বঁটা, ২০১৯" প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসূচীত অসমৰ কেইবাগৰাকী নবীন-প্ৰবীণ শিল্পীয়ে গীত পৰিৱেশন কৰিব। উক্ত দিনৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে বিৰিণা গোষ্ঠীয়ে। উল্লেখ্য যে ২০১৫ চনৰ ২৪ জানুৱাৰীত জন্মলাভ কৰা সাহিত্য-সাংস্কৃতিক গোষ্ঠীটোৱে আজি পঞ্চম বছৰত ভৰি দিলে।

Your Comments