সংখ্যালঘু লোকে ভোট নিদিলেও বিপিএফ বিজয়ী হ'ব : হাগ্ৰামা মহিলাৰী

সংখ্যালঘু লোকে ভোট নিদিলেও বিপিএফ বিজয়ী হ'ব : হাগ্ৰামা মহিলাৰী

'অখিল গগৈৰ দৰে মানুহক ১২ মাহে আন্দোলন লাগে। এটাৰ পাছত এটা ইছ্যু উলিয়াই অখিলে অবিৰামভাৱে আন্দোলন কৰি গৈ থাকে। বাকী সংগঠনসমূহে নিজৰ নিজৰ ইছ্যু শেষ হ'লে আন্দোলন বন্ধ কৰে। অখিলে কিন্তু নতুন নতুন ইছ্যু উলিয়াই আন্দোলন কৰি থাকে। নাগৰিকত্ব সংশোধনী বিধেয়ক, ছয় জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বহু আন্দোলন আছে অখিল গগৈৰ। এক কথাত ক'বলৈ গ'লে আন্দোলন নাথাকিলে জীয়াই থাকিব নোৱাৰে অখিল গগৈ। নহ'লে তেওঁ মৃগী বেমাৰ হৈ মৰিব৷' চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জে এছ বি ছুপাৰ স্পেচিয়েলিটী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ বাবে প্ৰায় ২৩ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আবাস গৃহৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৃষক নেতা অখিল গগৈক আজি এনেদৰে কটাক্ষ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

সংখ্যালঘু লোকে ভোট নিদিলেও বিপিএফ বিজয়ী হ'ব : হাগ্ৰামা মহিলাৰী

অনুষ্ঠানত ভাষণ প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে অখিল গগৈক কটাক্ষ কৰাৰ লগতে বিজেপি চৰকাৰৰ দিনত বিটিচিৰ উন্নয়ন ত্বৰান্বিত হোৱা বুলি মন্তব্য কৰে। বিটিচি প্ৰমুখগৰাকীয়ে লগতে কয় যে একাংশ সংগঠনে বিটিচিৰ পৰা গাঁও কৰ্তনৰ বাবে চিঞৰি থাকে। তেওঁলোকে বিটিচিত থাকিব নিবিচাৰিলে গুচি যাব পাৰে। কিন্তু গাঁও কৰ্তন সম্ভৱপৰ নহয়। ইপিনে আগন্তুক লোকসভা নিৰ্বাচনত সংখ্যালঘুৱে বিপিএফক ভোট নিদিলেও জিকিব বুলি কয়। বিপিএফক ভোট নিদিয়া বাবেই হেনো সংখ্যালঘু অধ্যুষিত এলেকা নাঙলভাঙাৰ ৰাইজে বহুদিন ধৰি দলং বিচৰা সত্ত্বেও হোৱা নাই বুলিও তেওঁ লগতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মই চিৰাঙত অসমৰ দ্বিতীয়খন ফ'ৰেষ্ট স্কুল স্থাপন কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰে। অনুষ্ঠানত বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী আদিও উপস্থিত আছিল৷

Your Comments