বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকেৰে নৱনিযুক্ত উপায়ুক্তৰ মত-বিনিময়

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকেৰে নৱনিযুক্ত উপায়ুক্তৰ মত-বিনিময়

বঙাইগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত আদিল খানে আজি জিলা উপায়ুক্ত কাৰ্যালয় কক্ষত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ সৈতে চা-চিনাকি হোৱাৰ লগতে মত-বিনিময় কৰাৰ উদ্দেশ্যৰে মিলিত হয়৷ পুৱাৰ ভাগত মিলিত হোৱা এই চা-চিনাকি অনুষ্ঠানত জিলা উপায়ুক্তগৰাকীয়ে বঙাইগাঁৱৰ পৰিস্থিতি আৰু পৰিৱেশ সম্পৰ্কে সাংবাদিকসকলৰ পৰা জানিবলৈ চেষ্টা কৰে৷ সাংবাদিকসকলে জিলা উপায়ুক্তগৰাকীক বঙাইগাঁও অঞ্চলৰ কেবাটাও গুৰুত্বপূৰ্ণ বিষয় অৱগত কৰে৷ ইপিনে উপায়ুক্তগৰাকীয়ে কয় যে সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ৷ সংবাদ মাধ্যমে প্ৰশাসন আৰু ৰাইজৰ মাজত এখন সাঁকো হিচাপে কাম কৰে৷

কাৰণ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ মনোভাৱটো তথা সমস্যাসমূহ আমি জানিব পাৰো আৰু আমাৰ কথাবিলাক ৰাইজৰ মাজলৈ পঠিয়াব পাৰো৷ সেয়ে সংবাদ মাধ্যমত প্ৰকাশিত বা-বাতৰিসমূহ গভীৰভাৱে ল'ব বুলিও কয়৷ তেওঁ জিলা প্ৰশাসনৰ কাম-কাজৰ ক্ষেত্ৰত সাংবাদিকসকলৰ সহযোগিতা বিচাৰি কয় যে আমি ভাল কাম কৰি আছোঁ নে বেয়া কাম কৰি আছোঁ সেইটো আপোনালোকৰ যোগেদিয়ে গম পাম৷ জিলা উপায়ুক্তগৰাকীয়ে লগতে কয়- 'মোৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল সু-প্ৰশাসন আৰু দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গঢ়ি তোলা৷ এই ক্ষেত্ৰত মই যিমান পাৰো কাম কৰি যাম৷'

উল্লেখ্য যে চা-চিনাকি অনুষ্ঠানৰ আৰম্ভণিতে প্ৰেছ ক্লাবৰ তৰফৰ পৰা নৱনিযুক্ত জিলা উপায়ুক্ত আদিল খানক এখন ফুলাম গামোচাৰে আদৰণি জনোৱা হয়৷ তেওঁ মঙলবাৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচতে আজি বঙাইগাঁৱৰ সাংবাদিকসকলৰ সৈতে চা-চিনাকি তথা মত-বিনিময় অনুষ্ঠানত মিলিত হয়৷ আনহাতে, জিলাখনৰ পূৰ্বৰ উপায়ুক্ত বাবুলাল শৰ্মাক আজি প্ৰেছ ক্লাবৰ তৰফৰ পৰা সাংবাদিকসকলে বাসভৱনত সাক্ষাৎ কৰি বিদায় সম্ভাষণ জনায়৷

Your Comments