জাগীৰোডত 'কবিতাৰ চোতাল' : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কবিতাৰে প্ৰতিবাদ

জাগীৰোডত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কবিতাৰে প্ৰতিবাদ

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা

জাগীৰোড শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী উপলক্ষে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত জাগীৰোড শাখা কবি সন্মিলনৰ সৌজন্যত আজি জাগীৰোড শিশু উদ্যানৰ বাকৰিত অনষ্ঠিত হয় 'মুকলি চোতাল' শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান। নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দিজেন্দ্ৰ নাথ হাজৰিকাৰ পৌৰোহিত্যত ছহিদ বেদীত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতেই সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডঃ উৎপল নাথে সঞ্চালনা কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জাগীৰোড শাখা কবি সন্মিলনৰ সভাপতি উত্তম চন্দ্ৰ ডেকাই।

জাগীৰোডত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কবিতাৰে প্ৰতিবাদ

সন্মিলনৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মদাৰজ্যোতি, কাৰ্যনিৰ্বাহক সঞ্জীৱ সাগৰ চৌধুৰী, মৰিগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা লোকেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক ভৱেন চন্দ্ৰ নাথ, জাগীৰোড শাখা সাহিত্য সভাৰ সম্পাদক ডঃ দীপকজ্যোতি বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত কবিসকলে কবিতাৰ পাঠ আৰু আবৃত্তিৰে মুখৰিত কৰে মুকলি চোতাল।  শ্ৰেয়া মজুমদাৰ, অনিৰুদ্ধ ডেকা, ৰাজীৱ চহৰীয়া, জয়ন্ত সাগৰ শইকীয়া, মুনমুন গোস্বামী, বিপদ ভঞ্জন চৰকাৰ, অনুলেখা বৰদলৈ, বন্দনা দাস, প্ৰবীৰ ভৌমিক, শিশুৰাম শইকীয়া, বিভা ভাগৱতী, ৰিভা ভড়ালী, ৰমেন চন্দ্ৰ দাস, দিব্য আহোম, ৰীণা ডেকা, পিনাকী গোস্বামী, চয়নিকা শইকীয়া, স্তুতিপ্ৰসাদ বৰা, বাবুমণি হীৰা, প্ৰতিভা দেওৰজা, ৰতন ৰাগ, সৌমিত্ৰ মিশ্ৰ, পৱন শৰ্মা, হিৰুকৃষ্ণ নাথ, অভিজিৎ পাটৰ, চিত্ৰলেখা বৰা, ৰূপজ্যোতি গোস্বামী, ডঃ হবিবুৰ ৰহমান, দিজেন্দ্ৰ নাথ হাজৰিকা, বিতুপন বৰা, অবন্তি বৰা, লীজা শইকীয়া, তুমণি গোস্বামী, বিনীতা দত্ত বৰা, দীপক কলিতা, সুবংকৰ দাস, সুশীল শৰ্মা, নৱ কুমাৰ ডেকা, অনামিকা উপাধ্যায়, শুভকৰ দাস প্ৰমুখ্যে তিনিকুৰি কবিৰ কবিতা আৰু দীগন্ত ডেকাৰ কণ্ঠত "গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি" শীৰ্ষক গীত আৰু অৰুণজ্যোতি নাথৰ নাটকীয় সংলাপে জীপাল কৰা মুকলি চোতালৰ আঁতধৰে জাগীৰোড শাখা কবি সন্মিলনৰ সম্পাদক অবন্তি বৰাই।

জাগীৰোডত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কবিতাৰে প্ৰতিবাদ

উক্ত সভাতেই আজি অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় আৰু সভাৰ সামৰণি পৰে সন্মিলনৰ কাব্যমন্ত্ৰ তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ "সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে"ৰ পাঠেৰে। স্মৰ্তব্য যে মুকলি চোতালৰ বহুতো কবিয়েই কবিতাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু চৰকাৰক উক্ত বিধেয়ক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।

Your Comments