চিৰাঙত প্ৰাক বাজেট প্ৰচাৰ অভিযান 

w

অসম চৰকাৰৰ বিত্ত বিভাগে ২০১৯-২০ বৰ্ষৰ বাজেটক জনমুখী কৰা আৰু বাজেট প্ৰস্তুতকৰণত জনসাধাৰণৰ মতামতক গুৰুত্ব দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বিত্ত বিভাগৰ নিৰ্দেশনা অনুসৰি চিৰাং জিলাতো জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰচাৰ অভিযানৰ অংশস্বৰূপে আজি জিলা উপায়ুক্ত কাৰ্যালয়ত এখন নাগৰিক সভাৰ আয়োজন কৰে ৷

তাৰোপৰি জিলাখনৰ নাগৰিকে যাতে বাজেট সম্পৰ্কত তেওঁলোকৰ মতামত চৰকাৰক অৱগত কৰিব পাৰে তাৰ বাবে আজিৰে পৰা চিৰাং জিলা উপায়ুক্ত কাৰ্যালয় আৰু বিজনী কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ত প্ৰ-পত্ৰ বিতৰণ তথা পূৰণ কৰা প্ৰ-পত্ৰ জমা লোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ এই বিষয়ে অধিক তথ্যৰ বাবে বিজনী কোষাগাৰ প্ৰাধিকাৰীৰ ৮৬৩৮০৭৬৬৯২ মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

Your Comments