গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
অসমক বিদেশীৰ চৰণীয়া পথাৰ কৰিব বিচৰা, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ নামত বিজেপিয়ে কৰা কুটিল ৰাজনীতিক কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। আজি পুৱাৰে পৰা গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত শতাধিক ছাত্ৰকৰ্মীয়ে বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে। উল্লেখ্য যে এই প্ৰতিবাদস্থলীত ছাত্ৰ সংগঠনটোক সহযোগ কৰে বহুকেইটা সংগঠনে।
- Log in to post comments
- 12 views