গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কাৰাবৰণ কৰা গোলাঘাটৰ ৬জন নেতাৰ মুক্তিৰ দাবীৰে আজিৰে পৰা গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ঐক্য সেনা, অসমৰ জিলা সমিতিয়ে অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী আৰম্ভ কৰিছে। ঐক্য সেনাৰ মহিলা নেত্ৰী আজিফা কোম, ৰেখামণি বুঢ়াগোঁহাই, জিলা পৰ্যায়ৰ নেতা জোন বৰা আৰু তৌফিক আহমেদৰ নেতৃত্বত সদৌ চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া, জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সাংগঠনিক সম্পাদক ৰাজীৱ লস্কৰ, ঐক্য সেনা, অসমৰ নেতা বিপ্লৱ কুমাৰ দাস, মনোজ মৰম দাস দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দিত্ব জীৱন পাৰ কৰাত ৬জন নেতাকে বিনাচৰ্তে শীঘ্ৰে মুক্তিৰ দাবী তুলি এই অনশনৰ কাৰ্যসূচী পালন কৰিছে।
- Log in to post comments
- 15 views