অসম কবি সন্মিলনৰ অন্তৰ্গত বঙাইগাঁৱৰ নিউ বঙাইগাঁও শাখা 'কাব্য কানন বহুভাষিক কবি সন্মিলন'ৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত সদৌ অসম ভিত্তিত অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ স্বৰচিত কবিতা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি অসমীয়া কবিতা শাখাত 'শামুক' নামৰ কবিতাটোৰ বাবে পাঠশালাৰ ধীমান বৰ্মনে প্ৰথম, 'নীলিম কুমাৰ' নামৰ কবিতাটোৰ বাবে বৰপেটাৰ প্ৰাঞ্জল কুমাৰ দাসে দ্বিতীয় আৰু 'সুখ' নামৰ কবিতাটোৰ বাবে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ মানস ৰঞ্জনে তৃতীয় স্থান লাভ কৰিছে। আনহাতে, বাংলা ভাষাৰ কবিতা প্ৰতিযোগিতাত 'কথা দিয়েছিলাম' নামৰ কবিতাটোৰ বাবে নিউ বঙাইগাঁৱৰ স্বপ্না দেবে প্রথম, 'আত্মকথা' নামৰ কবিতাটোৰ বাবে বৰপেটাৰোডৰ মিতালী ভট্টাচার্যই দ্বিতীয় আৰু 'মাটি আৰ মানুষেৰ' নামৰ কবিতাটোৰ বাবে গোৱালপাৰাৰ দীপক শৰ্মা মেধিয়ে তৃতীয় স্থান লাভ কৰিছে।
ইপিনে হিন্দী কবিতা শাখাত 'বেটী কি বিদাই' নামৰ কবিতাটোৰ বাবে বঙাইগাঁৱৰ অজয় কুমাৰে প্রথম, 'অন্তিম পড়াব' নামৰ কবিতাটোৰ বাবে গুৱাহাটীৰ কান্তা আগৰৱালাই দ্বিতীয় আৰু 'দেশ কি পুকাৰ' নামৰ কবিতাটোৰ বাবে বৰপেটাৰ আৰতি যদুবংশীয়ে তৃতীয় স্থান লাভ কৰিছে। উল্লেখ্য অহা ৩ ফেব্রুৱাৰীত বঙাইগাঁৱৰ বীৰঝৰা পাব্লিক লাইব্রেৰীত অনুষ্ঠিত হ'বলগীয়া নিউ বঙাইগাঁও শাখা কাব্য কানন বহুভাষিক কবি সন্মিলনৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিবেশনত পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব বুলি কাব্য কানন বহুভাষিক কবি সন্মিলনৰ নিউ বঙাইগাঁও শাখাৰ সাধাৰণ সম্পাদক শৈলেন্দ্র প্ৰসাদ শৰ্মাই এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিছে।
- Log in to post comments
- 17 views