চেঙাৰ পৰা সুৰজিৎ পাঠক
বৰপেটা জিলাৰ বণিয়াকুছিস্থিত মধ্য সৰুক্ষেত্ৰী সমবায় সমিতি লিমিটেডৰ নিজা প্ৰচেষ্টাত আজি বণিয়াকুছিত "এম এছ এছ ৰাইচ এণ্ড অইল মিল" নামেৰে এটি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হয়। উদ্যোগটোত সকলো প্ৰকাৰৰ ধানবনা, সৰিয়হৰ তেল পেৰাৰ লগতে চাউল, গোমধান, মচলা আদিও গুড়ি কৰা হ'ব বুলি জানিব পৰা গৈছে। আনহাতে, কৃষকৰ পৰা উচিত মূল্যত ধান, সৰিয়হ ক্ৰয় কৰি উৎকৃষ্ট মানৰ চাউল, সৰিয়হৰ তেল তৈয়াৰ কৰি বিক্ৰী কৰাৰ লগতে নিবনুৱা যুৱকক সংস্থাপন কৰাৰ কথাও উল্লেখ কৰে সমবায়খনৰ সম্পাদক গৌৰীকান্ত গোস্বামীয়ে। কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীসমূহ এই ক্ষুদ্ৰ উদ্যোগটোত উচিত মূল্যত বিক্ৰী কৰিব পৰা খবৰটোৱে কৃষকসকলৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। উক্ত ক্ষুদ্ৰ উদ্যোগটো উদ্বোধনৰ লগত সংগতি ৰাখি পুৱা ৮.৩০ বজাত বন্তি প্ৰজ্বলন কৰে কামাৰাপাৰাৰ কবিচৰণ ডেকাই।
ইয়াৰ পাছতেই ভাগৱত পাঠ অনুষ্ঠিত হয়। ভাগৱত পাঠৰ অন্তত উদ্যোগটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ক্ৰমে বৰপেটা জিলা সমবায় সমূহৰ উপ-পঞ্জীয়ক ডাঃ কণ শৰ্মা, সদৌ অসম সমবায় সমূহৰ সম্পাদক সন্থাৰ সম্পাদক দশৰথ অধিকাৰী, সৰ্থেবাৰী বিদ্যুত উপ-সংমণ্ডল বিষয়া ৰঞ্জনজ্যোতি তালুকদাৰ, বৰপেটা জিলা সমবায়সমূহৰ জ্যেষ্ঠ পৰিদৰ্শক মহেন্দ্ৰ শৰ্মা আৰু বৰপেটা যোগান বিভাগৰ উপ-পৰিদৰ্শক মাধৱ বৰ্মনে। সমবায়খনৰ সভাপতি দশৰথ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সমবায়খনৰ সম্পাদক গৌৰীকান্ত গোস্বামীয়ে। সভাখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম সমবায় সমূহৰ সম্পাদক সন্থাৰ সম্পাদক দশৰথ অধিকাৰীয়ে মধ্য সৰুক্ষেত্ৰী সমবায় সমিতি লিমিটেডৰ নিজা প্ৰচেষ্টাত এটি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ সক্ষম হোৱাৰ বাবে সমবায়খনৰ কৰ্মকৰ্তাসকলৰ শলাগ লয়।
বৰপেটা জিলাৰ মুঠ ৪২খন সমবায়ৰ ৪১খন সমবায়ৰ বাবে মধ্য সৰুক্ষেত্ৰী সমবায় সমিতি লিমিটেডে আদৰ্শ হৈ থাকিব আৰু মধ্য সৰুক্ষেত্ৰী সমবায় সমিতি লিমিটেডে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা বুলিও দশৰথ অধিকাৰীয়ে মন্তব্য কৰে। বৰপেটা জিলা সমবায় সমূহৰ উপ-পঞ্জীয়ক ডাঃ কণ শৰ্মা, দক্ষিণ ঘিলাজাৰী সমবায় সমিতিৰ সম্পাদক মকাৰম হুছেইন, বাউসী সমবায় সমিতিৰ সম্পাদক প্ৰাণজিৎ দাস আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক হৰিশ্চন্দ্ৰ গোস্বামী, জ্যেষ্ঠ সাংবাদিক ভবেশ ডেকা, মানৱ অধিকাৰ কৰ্মী আদিত্য লহকৰ, জ্যেষ্ঠ অধিবক্তা অভয় বৰ্মনৰ উপৰি কেইবাগৰাকী বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে। মধ্য সৰুক্ষেত্ৰী সমবায় সমিতি লিমিটেডৰ এনে পদক্ষেপক উপস্থিত ৰাইজৰ লগতে অতিথিবৃন্দই ভূয়সী প্ৰশংসা কৰে।
- Log in to post comments
- 5 views