বঙাইগাঁৱত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অগ্নি নিৰ্বাপণ আৰু উদ্ধাৰৰ আখৰা

 বঙাইগাঁৱত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অগ্নি নিৰ্বাপণ আৰু উদ্ধাৰৰ আখৰা

অগ্নিনিৰ্বাপক আৰু আপদকালীন সেৱা বিভাগৰ দ্বাৰা আজি বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম)ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অগ্নি নিৰ্বাপণ আৰু উদ্ধাৰ অভিযানৰ এক আখৰা অনুষ্ঠিত হয়৷ দোলাইগাঁৱৰ এই বিদ্যালয়খনত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত অগ্নি নিৰ্বাপণ আৰু উদ্ধাৰৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠিত আখৰাত প্ৰায় ৬০০গৰাকী ছাত্ৰ-ছাত্ৰী তথা শিক্ষকে অংশগ্ৰহণ কৰে৷

 বঙাইগাঁৱত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অগ্নি নিৰ্বাপণ আৰু উদ্ধাৰৰ আখৰা

আখৰাৰ সময়ত ক'ৰবাত অগ্নিকাণ্ড সংঘটিত হ'লে অগ্নিনিৰ্বাপক বাহিনী আহি পোৱাৰ আগতে কেনেকৈ অগ্নি নিৰ্বাপণৰ প্ৰাথমিক ব্যৱস্থা ল'ব লাগে, কেনেকৈ ফায়াৰ এক্সটিংগুইচাৰ ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ মানুহক উদ্ধাৰ কৰিব লাগে সেই কৌশলসমূহ সুন্দৰকৈ শিকোৱা হয়৷ এই আখৰা পৰিচালনা কৰে বঙাইগাঁও অগ্নিনিৰ্বাপক আৰু আপদকালীন সেৱাৰ ষ্টেচন বিষয়া অমিত বৰ্মনে৷ ইয়াত বঙাইগাঁও অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু ১০৮ এম্বুলেন্সৰ কৰ্মকৰ্তায়ো অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে আজিৰ এই আখৰা সমগ্ৰ ভাৰতবৰ্ষতে অনুষ্ঠিত হয়৷

 বঙাইগাঁৱত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অগ্নি নিৰ্বাপণ আৰু উদ্ধাৰৰ আখৰা

বঙাইগাঁৱত ২৮ জানুৱাৰীত অগ্নি নিৰ্বাপণ আৰু উদ্ধাৰ খেল প্ৰতিযোগিতা

পোন প্ৰথমবাৰৰ বাবে অগ্নিনিৰ্বাপক আৰু আপদকালীন সেৱা বিভাগে ৰাজ্যখনৰ বিভিন্ন জিলাক আঠটা মণ্ডলত ভাগ কৰি অগ্নি নিৰ্বাপণ কৌশল আৰু উদ্ধাৰৰ কৌশলসমূহ খেল প্ৰতিযোগিতা হিচাপে অনুষ্ঠিত কৰাৰ এক কাৰ্যসূচী হাতত লৈছে৷ বঙাইগাঁৱত ৬নং মণ্ডলৰ অধীনত এই কাৰ্যসূচী ২৮ জানুৱাৰীত অনুষ্ঠিত হ'ব৷

পুৰণি বঙাইগাঁও নৰনাৰায়ণ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ ৬নং মণ্ডলত আছে বঙাইগাঁও, চিৰাং, বৰপেটা, বাক্সা আৰু ওদালগুৰি জিলা৷ এই প্ৰতিযোগিতাত বঙাইগাঁও জিলাৰ ১৩জন প্ৰতিযোগীয়ে, চিৰাং জিলাৰ ১০জন, বৰপেটা জিলাৰ ২৫জন, বাক্সা জিলাৰ ৭জন আৰু ওদালগুৰি জিলাৰ ১২জন অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব৷

এই প্ৰতিযোগিতাত পশ্চিম অসম সংমণ্ডলৰ আৰক্ষী উপ-মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷ প্ৰতিযোগিতাত নিৰ্বাচিত ৬খন জিলাৰ প্ৰতিযোগীসকলে নগাঁৱত লীগ, কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেল খেলত অংশ ল'ব৷ আনহাতে, চূড়ান্ত প্ৰতিযোগিতা গুৱাহাটীত অনুষ্ঠিত হ'ব৷ 

Your Comments