নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ধলপুৰত ৰাইজমেল

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ নাৰায়ণপুৰৰ ধলপুৰত ৰাইজমেল

ধলপুৰৰ পৰা বিশ্ব প্ৰসাদ বৰা

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ অৰ্থে দেওবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰেমানন্দ বৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ক লৈ মন্তব্য প্ৰকাশ কৰে। তাৰ উপৰি কৃষক মুক্তি সংগ্ৰাম সমিতি, যুৱ-ছাত্ৰ পৰিষদকে লৈ বহুকেইটা সংগঠনে এই বিধেয়কখনৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰাৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সকীয়নি দিয়ে যে যদি বিধেয়কখন গৃহীত হয় তেন্তে এই সংগঠনকেইটাই উচিত পদক্ষেপ ল'বলৈ বাধ্য হ'ব।

Your Comments