জুৰীয়াৰ পৰা উত্তম বৰা
নগাঁও জিলাৰ ৰূপহীহাটৰ খাটোৱাল বজাৰত দিন দুপৰতেই চাঞ্চল্যকৰ ডকাইতি৷ উত্তৰ খাটোৱাল এছ বি আই গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্ত্বাধিকাৰীৰ পৰা ডকাইতে লুটি নিয়ে ৪ লাখ টকা৷ স্বত্ত্বাধিকাৰী আছাদুল ইছলামে নগাঁৱৰ ষ্টেট বেংকৰ পৰা লৈ অহা টকাভৰ্তি বেগ বাইকত থৈ সেৱা কেন্দ্ৰৰ ভিতৰত সোমাবলৈ লওঁতেই সংঘটিত হয় এই ডকাইতিকাণ্ড৷
নাম্বাৰ প্লেটবিহীন পালছাৰ বাইকত অহা দুজনীয়া ডকাইতৰ দলটো ডকাইতি কাৰ্য সংঘটিত কৰি ৰূপহীৰ দিশে তীব্ৰ গতিত পলায়ন কৰে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷
- Log in to post comments
- 10 views