বিলাসীপাৰাৰ নয়াপাৰা মূলপথৰ আধাৰশিলা স্থাপন বিধায়ক অশোক কুমাৰ সিংহীৰ

বিলাসীপাৰাৰ নয়াপাৰা মূলপথৰ আধাৰশিলা স্থাপন বিধায়ক অশোক কুমাৰ সিংহীৰ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম

ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ নয়াপাৰা গাঁৱৰ মূলপথৰ আধাৰশিলা স্থাপন কৰে পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে। আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত উপস্থিত থাকে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি ৰোহণ কুমাৰ ঝা, বিধায়ক অশোক কুমাৰ সিংহী আৰু পশ্চিম অসম মণ্ডল, ধুবুৰী গ্ৰাম্য পথ সংমণ্ডল গড়কাপ্তানী বিভাগৰ অধীক্ষক-অভিযন্তা নিপ কুমাৰ শৰ্মা।

বিলাসীপাৰাৰ নয়াপাৰা মূলপথৰ আধাৰশিলা স্থাপন বিধায়ক অশোক কুমাৰ সিংহীৰ

বিলাসীপাৰা পৌৰ নিগমৰ পৌৰপতি দীপ শৰ্মা প্ৰমুখ্যে বিভিন্ন গণ্য-মান্য ব্যক্তিসকলো উপস্থিত থাকে। সভাত বিধায়ক অশোক কুমাৰ সিংহীয়ে নিজৰ ভাষানত কয় যে বিলাসীপাৰা চহৰখনক মডেল চহৰ হিচাপে গঢ়াৰ সপোন আগৰে পৰাই তেখেতৰ আছিল।

বিলাসীপাৰাৰ নয়াপাৰা মূলপথৰ আধাৰশিলা স্থাপন বিধায়ক অশোক কুমাৰ সিংহীৰ

তেখেতে চহৰখনৰ বিভিন্ন ৰাস্তা পকা কৰাৰ লগতে বিলাসীপাৰা অসামৰিক চিকিৎসালয়খনক আদৰ্শ চিকিৎসালয় হিচাপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে। উক্ত কাৰ্যসূচীত গোৱালপৰীয়া নৃত্য আৰু গীত পৰিৱেশন কৰি পৰিবেশ জপাল কৰি তোলে। 

Your Comments