'ডিভাইড আছাম ফিফটি-ফিফটি'ত পুনৰ কঁপিল কোকৰাঝাৰ 

ডিভাইড আছাম ফিফটি-ফিফটিত পুনৰ কঁপিল কোকৰাঝাৰ 

ডিভাইড আছাম ফিফটি-ফিফটিত পুনৰবাৰৰ বাবে কঁপি উঠিল কোকৰাঝাৰ। এবছু, এনডিএফবি (প্ৰ) আৰু পিজেচিবিএমৰ উদ্যোগত আজি কোকৰাঝাৰত অনুষ্ঠিত সমদলত কেইবা সহস্ৰাধিক জনতাই ডিভাইড আছাম ফিফটি-ফিফটি ধ্বনিৰে বড়োভূমিৰ সদৰ কোকৰাঝাৰৰ ভেঁটিত কম্পনৰ সৃষ্টি কৰে।

পৃথক বড়োলেণ্ড গঠন, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰা আৰু কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত আজি এবছু, এনডিএফবি (প্ৰ)আৰু পিজেএচিবিএমে কোকৰাঝাৰত যৌথভাৱে বৃহৎ সমদল উলিয়ায়।

বিটিএডিৰ ভিন্ন প্ৰান্তৰ পৰা কোকৰাঝাৰত গোট খোৱা কে'বা সহস্ৰাধিক জনতাই আমাক বড়োলেণ্ড লাগে, বড়োলেণ্ড আমাৰ ন্যায্য দাবী, এই মাটি আমাৰ মাটি, কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, ডো অৰ ডাই ফৰ বড়োলেণ্ড, ডিভাইড আছাম ফিফটি-ফিফটি, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, ছয় জনগোষ্ঠীক জনজাতিকৰণ নচলিব, অসম চৰকাৰ হুঁচিয়াৰ ইত্যাদি শ্লোগানেৰে কোকৰাঝাৰৰ আকাশ-বতাহ কঁপাই তোলে। কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ জাংখ্ৰিথাই পথাৰৰ পৰা আৰম্ভ হোৱা বৃহৎ সমদলটো সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰি খাৰগাঁৱত সমদলৰ অন্ত পেলায়। 

Your Comments