জুৰীয়াৰ পৰা উত্তম বৰা
নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত দুখনকৈ সত্ৰ শ্ৰীশ্ৰী বালিভুঁই বৰএলেঙি সত্ৰ আৰু শ্ৰীশ্ৰী শ্ৰৱণী সত্ৰৰে মহিমামণ্ডিত দগাঁৱত ১৯ আৰু ২০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামধৰ্ম সমাজ (অসম)ৰ নগাঁও জিলা সমাজৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হৈ যায়৷
প্ৰথমদিনা নাম-প্ৰসংগৰ পাছতেই প্ৰতিনিধি শিবিৰ মুকলি কৰে শ্ৰীশ্ৰী বালিভুঁই বৰএলেঙি সত্ৰৰ সত্ৰাধিকাৰ তৰুণ চন্দ্ৰ গোস্বামীয়ে৷ সন্ধিয়া অনুষ্ঠিত হয় প্ৰতিনিধি সভা৷
দ্বিতীয়দিনা ধৰ্মধ্বজা উত্তোলন কৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সমাজ, নগাঁও জিলাৰ সভাপতি অৰুণ চন্দ্ৰ বৰাই৷ তাৰ পাছতেই ভাগৱত ভ্ৰমণ, নাম-প্ৰসঙ্গ, সভাপতি/সম্পাদকসকলৰ আলোচনা-চক্ৰ আৰু আইমাতৃ সমাজৰ আলোচনা-চক্ৰ৷
নিশা অমৃত মন্থন শিল্পী সমাজ কলিয়াবৰ, নলতলীৰ শিল্পীসকলৰ দ্বাৰা মঞ্চস্থ কৰা ৰুক্মিণী হৰণ ভাওনাৰে অনুষ্ঠানৰ অন্ত পৰে৷
- Log in to post comments
- 24 views