সোণাৰিৰ পৰা ঘন বৰা
চৰাইদেউ জিলাৰ সোণাৰিৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্তীয় পথ সঞ্চলন দিৱসত অঘটন। আৰ এছ এছৰ সভা চলি থকাৰ সময়তে বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, আহোম জাতীয় গণমঞ্চ, আহোম সেনাকে প্ৰমুখ্য কৰি ৬ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ তীব্ৰ প্ৰতিবাদ সভাস্থলীৰ কাষত।
ক'লা পতাকা প্ৰদৰ্শন কৰি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিমূৰ্তিৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক দাহ কৰে।
সভাত উপস্থিত থকা আৰ এছ এছৰ পোছাক পৰিহিত মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু সোণাৰি পৌৰসভাৰ উপ-পৌৰপতি গিৰিণ গগৈক ধিক্কাৰ দি মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্তীয় পথ সঞ্চলন দিৱসৰ শোভাযাত্ৰাকো ক'লা পতাকা প্ৰদৰ্শন কৰি সাম্প্ৰদায়িক আৰ এছ এছ গ'-বেক, বিজেপি গ'-বেক আদি শ্লোগান দিয়ে প্ৰতিবাদকাৰীয়ে।
আনহাতে, অসমীয়াৰ চেনেহৰ গামোচাক আৰ এছ এছৰ সদস্যই ড্ৰামৰ ৰছী হিচাপে ব্যৱহাৰ কৰাক লৈও সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷
- Log in to post comments
- 15 views