তামুলপুৰৰ দক্ষিণ গান্ধীবাৰী জগন্নাথ থানৰ ১২৫সংখ্যক বাৰ্ষিক পূজা মহোৎসৱ

তামুলপুৰৰ দক্ষিণ গান্ধীবাৰী জগন্নাথ থানৰ ১২৫সংখ্যক বাৰ্ষিক পূজা মহোৎসৱ

শৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ এটা আদিম জনজাতীয় জনগোষ্ঠী। নিজস্ব ভাষা, কৃষ্টি, সংস্কৃতিৰে চহকী শৰণীয়া কছাৰী জনগোষ্ঠী। কিন্তু এই জনগোষ্ঠীটোৰ লোকসকল জনজাতিৰ প্ৰমাণ-পত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰত একাংশ লোকৰ ষড়যন্ত্ৰৰ বলি হ'বলগা হৈছে। এই ভাষ্য শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ দীপক ডেকাৰ। তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ গান্ধীবাৰী মহাপ্ৰভু শ্রীশ্ৰী জগন্নাথ মন্দিৰৰ ১২৫সংখ্যক বাৰ্ষিক পূজা মহোৎসৱ উপলক্ষে দেওবাৰে অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি ডেকাই এই মন্তব্য আগবঢ়ায়।

তামুলপুৰৰ দক্ষিণ গান্ধীবাৰী জগন্নাথ থানৰ ১২৫সংখ্যক বাৰ্ষিক পূজা মহোৎসৱ

ভাষণ প্ৰসংগত তেওঁ শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকল দেশপ্ৰেমিক বুলি উল্লেখ কৰি অসমৰ ভাষা আন্দোলন, বিদেশী খেদা আন্দোলন আদিকে ধৰি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকৰ অৱদান অনবদ্য বুলি মন্তব্য কৰে। তেওঁ কয় যে বিগত সময়ছোৱাত অসমৰ প্ৰতিটো সংকটৰ সময়ত শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকলে অসমৰ উন্নয়নৰ কথা চিন্তা কৰি কাম কৰি আহিছে। তৎসত্ত্বেও বছৰ বছৰ ধৰি শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসকল ষড়যন্ত্ৰ কিম্বা বঞ্চনাৰ সন্মুখীন হ'বলগা হোৱাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষজনে।

তামুলপুৰৰ দক্ষিণ গান্ধীবাৰী জগন্নাথ থানৰ ১২৫সংখ্যক বাৰ্ষিক পূজা মহোৎসৱ

ভাষণত তেওঁ শৰণীয়া কছাৰী জনগোষ্ঠীৰ নিজস্ব ভাষা শেহতীয়াভাৱে হেৰাই যাব ধৰা বুলি আক্ষেপ প্ৰকাশ কৰে। জনগোষ্ঠীটোৰ হেৰাই যাব ধৰা ভাষা পুনৰুদ্ধাৰৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ অসম সাহিত্য সভাক আহ্বান জনায়। অভ্যৰ্থনা সমিতিৰ সভাপতি তথা অসম আয়ুৰ্বেদিক কলেজৰ প্ৰবক্তা ডাঃ বিমল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ পার্থ ফুকন মহন্তই কয় যে ধৰ্ম কৰিব লাগিলে ভাষা থাকিব লাগিব, লিপি থাকিব লাগিব। প্ৰসংগক্ৰমে তেওঁ কয় যে যি কামে মানুহৰ মঙ্গল সাধন কৰে, সেয়াই ধৰ্ম আৰু যি কামে মানুহৰ অমংগল কৰে সেয়াই অধৰ্ম। অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক তথা সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি শৰণীয়াই আঁতধৰা সভাখনত স্মৃতিগ্ৰন্থ উন্মোচন কৰে শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোণবৰ বৰুৱাই। সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় সূত্ৰধাৰ একাডেমী, চামতাৰ অধ্যক্ষ উৎপল দাসে।

তামুলপুৰৰ দক্ষিণ গান্ধীবাৰী জগন্নাথ থানৰ ১২৫সংখ্যক বাৰ্ষিক পূজা মহোৎসৱ

ইয়াৰ উপৰি উক্ত সভাখনত উপস্থিত থাকে শৰণীয়া কছাৰী সন্মিলনী, অসমৰ উপ-সভাপতি কম্পৰাম দাস, অসম চৰকাৰৰ ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক বাবুল শইকীয়া, বেলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক প্ৰকৃতিশ পাটগিৰি, মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বলেন শৰণীয়া, সাধাৰণ সম্পাদক মনেশ্বৰ শৰণীয়া, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ভবেন চন্দ্ৰ ডেকাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মূল ধৰ্মধ্বজা উত্তোলন কৰে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বলেন শৰণীয়া আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ডাঃ বিমল ডেকাই। মূল ধৰ্মধ্বজা উত্তোলনৰ সমান্তৰালকৈ ১২৩খন পতাকা উত্তোলন কৰে অঞ্চলটোৰ ১২৩গৰাকী বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পিছতে ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে আৰক্ষী বিষয়া ৰাজেন বড়োৱে। উক্ত বৰ্ণিল শোভাযাত্ৰাই অঞ্চলটোৰ ৰাইজক মুহিত কৰি তোলে। উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা উক্ত পূজা মহোৎসৱৰ ২১ জানুৱাৰীত সামৰণি পৰিব।

Your Comments