শিক্ষানুষ্ঠান বিনোদনৰ কেন্দ্ৰ নহয় : ড: অমৰজ্যোতি চৌধুৰী

 শিক্ষানুষ্ঠান বিনোদনৰ কেন্দ্ৰ নহয় : ড: অমৰজ্যোতি চৌধুৰী

"শিক্ষানুষ্ঠান বিনোদনৰ কেন্দ্ৰ নহয়৷ এই কথাটো আমি বুজি পোৱা উচিত৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো স্কুল-কলেজত সম্প্ৰতি বিনোদনৰ প্ৰক্ৰিয়াৰে ছাত্ৰ-ছাত্ৰীক সন্তুষ্ট কৰাৰ যিটো পৰম্পৰা আহিছে, এইটো আমি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে মুৰব্বীসকল তথা বয়োজ্যেষ্ঠসকলে অত্যন্ত ভুল কাম কৰিছোঁ৷ এইটো প্ৰথা অসমত বন্ধ কৰিব লাগিব৷ এই ওলোটা দিশটো ৰাজ্যৰ কাৰণে অত্যন্ত অশুভ প্ৰক্ৰিয়া৷ কাৰণ শিক্ষানুষ্ঠানৰ মূল কথাই হৈছে নতুন কথাৰ চিন্তা কৰা৷ গান গোৱাটো নিশ্চয় তাৰ এটা অংশ হ'ব পাৰে৷ কিন্তু তাৰ মূল কথা নহয়৷ গতিকে এই কথাখিনি ছাত্ৰ-ছাত্ৰীসকলক আজি মুকলিকৈ কোৱাৰ প্ৰয়োজন হৈছে৷ এইটো ব্যৱস্থা যদি বন্ধ কৰা নহয় তেতিয়াহ'লে অসমৰ ভৱিষ্যতৰ বাট কিন্তু আন্ধাৰ৷"

এই মন্তব্য ডাউন-টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীৰ৷ দেওবাৰে বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ সামৰণী অনুষ্ঠানৰ তৃতীয় তথা অন্তিম দিনা অনুষ্ঠিত এক বক্তৃতা অনুষ্ঠানত উপস্থিত থাকি উপাচাৰ্যগৰাকীয়ে এই মন্তব্য কৰে৷ উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে উদ্‌যাপন কৰা মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী উৎসৱৰ দেওবাৰে সামৰণিদিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাৰ পৰা 'অসমৰ সাম্প্ৰতিক শিক্ষা আৰু প্ৰত্যাহ্বান' শীৰ্ষক বক্তৃতানুষ্ঠানত ডাউন-টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক বক্তা হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল৷ সেই অনুসৰি উপাচাৰ্যগৰাকীয়ে নিৰ্দিষ্ট সময়ত আহি উপস্থিত হয় যদিও অধিকাংশ ছাত্ৰী তথা লোকৰ অনুপস্থিতিৰ বাবে সময়ত বক্তৃতানুষ্ঠান আৰম্ভ কৰিব নোৱাৰিলে উদ্যোক্তাসকলে৷ ফলত এক লাজলগা পৰিস্থিতিৰ উদ্ভৱ হয়৷ ইপিনে আগনিশা আছিল সাংস্কৃতিক অনুষ্ঠান আৰু নিশা বহু পলমকৈ অনুষ্ঠান শেষ হোৱাত মহাবিদ্যালয়ৰ ছাত্ৰীসকল সময়ত উপস্থিত হোৱা নাছিল৷

 শিক্ষানুষ্ঠান বিনোদনৰ কেন্দ্ৰ নহয় : ড: অমৰজ্যোতি চৌধুৰী

পিচত প্ৰায় দুঘণ্টা পলমকৈ বক্তৃতানুষ্ঠান আৰম্ভ হয় যদিও ছাত্ৰী তথা ৰাইজৰ উপস্থিতি আছিল একেবাৰে কম৷ আনকি পিচৰ বক্তৃতানুষ্ঠানৰ বক্তা তথা গুৱাহাটী আই আই টিৰ অধ্যাপক ডঃ চন্দন মহন্তও আহি উপস্থিত হৈছিল৷ এনে অৱস্থাত উদ্‌যাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীকে আদি কৰি মহাবিদ্যালয় কৰ্তৃপক্ষ বিমোৰত পৰে৷ উদ্‌যাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰা বক্তৃতানুষ্ঠানত নিজৰ ভাষণতো এনে পৰিস্থিতিৰ বাবে দুখ প্ৰকাশ কৰে৷

তেওঁ কয়, "এই বক্তৃতানুষ্ঠানটোত আমি বঙাইগাঁওবাসীয়ে যেনেদৰে সহযোগ কৰিব লাগিছিল তেনেদৰে সহযোগ কৰিব নোৱাৰিলোঁ৷ তাৰ কাৰণে আমি নিশ্চয় কলেজ কৰ্তৃপক্ষ, ৰূপালী জয়ন্তী উদ্‌যাপন সমিতি তথা বঙাইগাঁৱৰ ৰাইজ দুখিত হোৱা উচিত৷ আমি বঙাইগাঁও অঞ্চলক শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তা, আৱশ্যকতা আদি বিষয়বিলাক আলোচনা কৰাৰ উদ্দেশ্যে আচলতে বক্তৃতানুষ্ঠান ৰখা হৈছে৷ ইতিমধ্যে ইয়াত বিভিন্ন শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে৷ কিন্তু অতি কষ্টেৰে বঙাইগাঁওবাসী ৰাইজে গঢ় দিয়া এই শিক্ষানুষ্ঠানসমূহৰ জৰিয়তে আমি যেনেদৰে লাভৱান হ'ব লাগিছিল বা এই বিষয়সমূহৰ মাজলৈ সোমাই যাব লাগিছিল, তেনেদৰে কিন্তু পৰা নাই আৰু তাৰ এটা জ্বলন্ত উদাহৰণ আজিৰ এই বক্তৃতানুষ্ঠান৷ মই এজন বঙাইগাঁও সমষ্টিৰ প্ৰতিনিধি হিচাপে আশা ৰাখিম যাতে আমি ইয়াত যিখিনি মানুহ আছোঁ ভৱিষ্যতে যাতে এনেধৰণৰ পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে সকলোৱে নিজকে নিজে আত্মনিয়োগ কৰে৷"

লগতে ভৱিষ্যতে যাতে এনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি লাজ পাবলগলীয়া নহয়, অনুতপ্ত হ'বলগীয়া নহয় তাৰবাবেও পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি কৈ ৰাইজক আহ্বান জনায়৷ উদ্‌যাপন সমিতিৰ সভাপতিগৰাকীয়ে আমন্ত্ৰিত বক্তা দুগৰাকীৰ ওচৰত এনে পৰিস্থিতিৰ বাবে মাৰ্জনাও বিচাৰে৷ ইপিনে বক্তৃতা আৰম্ভ কৰি উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে প্ৰথমতে কয়- 'এতিয়া অসমৰ গাঁৱে-ভূঞে সকলো স্কুলৰ ৰূপালী জয়ন্তী, সোণালী জয়ন্তী অনুষ্ঠান হ'বলৈ ধৰিছে৷ প্ৰত্যেকখনতে মই দেখিছোঁ যে আগদিনাৰ সাংস্কৃতিক অনুষ্ঠানৰ দোহাই দি ছাত্ৰ-ছাত্ৰীসকলে মূল বক্তৃতানুষ্ঠানত উপস্থিত নাথাকে৷ বক্তৃতানুষ্ঠানটো দৰাচলতে শিক্ষানুষ্ঠানৰ আচল বস্তু৷ তেওঁ বিধায়কগৰাকীক উদ্দেশ্যি কয় যে আপুনি যেতিয়া ৰূপালী জয়ন্তী-সোণালী জয়ন্তীৰ অনুষ্ঠানত সহযোগিতা কৰিব তেতিয়া এইটো নিশ্চিত কৰিব যাতে এনেকুৱা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী উপস্থিত থাকিলেহে বাকীবোৰ অনুষ্ঠান কৰা হয়৷ কাৰণ এই কথাটো বহু ঠাইত কৈছোঁ যদিও ফল ধৰা নাই৷

শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে এই কামটো কৰিবলৈ অলপ অসুবিধা হয়৷' সেয়ে বিধায়কগৰাকীক উদ্যোগ ল'বলৈ তেওঁ আহ্বান জনায়৷ লগতে প্ৰশাসনক জড়িত কৰিলেও এই কামটো কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে৷ ইপিনে বক্তৃতানুষ্ঠানৰ শেষৰ ফালে মহাবিদ্যালয়খনৰ ছাত্ৰীসকল আহি উপস্থিত হোৱাত উপাচাৰ্য ডঃ চৌধুৰীয়ে হাঁহি হাঁহি কয় যে এতিয়া বহুসংখ্যক ছাত্ৰী আহি উপস্থিত হৈছে৷ সেয়ে ছাত্ৰী উপস্থিত নথকা বুলি ক'ব নোৱাৰি৷ শেষত তেওঁ ছাত্ৰীসকলক উদ্দেশ্যি কয়, 'মই বয়সীয়া মানুহ আৰু যিটো কথা ভাল নেদেখো সেইটো কোৱাটো মোৰ দায়িত্ব৷ এজন শিক্ষকে স্পষ্টভাৱে কথা কোৱাটো তেওঁৰ দায়িত্ব৷ সেই কাৰণে মই কৈছোঁ যে নিশ্চয়কে আগদিনাৰ সাংস্কৃতিক অনুষ্ঠান চোৱাৰ তোমালোকৰ সম্পূৰ্ণ অধিকাৰ আছে৷

তাত আনন্দ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে৷ কিন্তু যিটো শিক্ষানুষ্ঠানৰ মূল কথা বক্তৃতানুষ্ঠান, নতুন চিন্তাৰ জন্ম দিয়াৰ কথা, তাত মহাবিদ্যালয়খনৰ সকলোখিনি ছাত্ৰী উপস্থিত নাই- সেই কথাটোৱে মোক অত্যন্ত মৰ্মাহত কৰিছে৷ অৱশ্যে কেৱল বঙাইগাঁৱতে যে এইটো হেছে তেনে নহয়, অসমৰ সকলো ঠাইতে এইটো হয়৷ কিন্তু এই ব্যৱস্থা আমি ভাঙিব লাগিব৷ যদি এই ব্যৱস্থা নাভাঙো তেতিয়াহ'লে ৰূপালী জয়ন্তী, সোণালী জয়ন্তী পালন কৰাৰ কোনো কোনো অৰ্থ নাই৷' তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে তেওঁ ইয়ালৈ বক্তৃতা দিবলৈ অহাৰ বাবেহে যে এই কথাখিনি কৈছে এনে নহয়৷ উল্লেখ্য যে ডঃ অমৰজ্যোতি চৌধুৰীৰ বক্তৃতানুষ্ঠানৰ পিচতে ডঃ চনন্দন মহন্তই 'নাৰীঃ অনাগত ভৱিষ্যৎ' শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে৷

Your Comments