বিলাসীপাৰাত সাহিত্য সভাৰ উদ্যোগত প্ৰতিবাদী মঞ্চ গঠন 

বিলাসীপাৰাত সাহিত্য সভাৰ উদ্যোগত প্ৰতিবাদী মঞ্চ গঠন   বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম ৰাজ্যজুৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আন্দোলন চলি থকাৰ সময়তে এই বিধেয়কখনৰ বিৰুদ্ধে আজি বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনত প্ৰবীণ শিক্ষাবিদ আযুব উদ্দিন আহমেদৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাতে বিলাসীপাৰা শাখা সাহিত্য সভাৰ নেতৃত্বত দল-সংগঠনৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ সংমিলিত এখন প্ৰতিবাদী মঞ্চ গঠন কৰা হয়। এই প্ৰতিবাদী মঞ্চৰ উদ্যোগত অহা ৩০ জানুৱাৰীত বিলাসীপাৰাত সকলো জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে জাতি

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম

ৰাজ্যজুৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আন্দোলন চলি থকাৰ সময়তে এই বিধেয়কখনৰ বিৰুদ্ধে আজি বিলাসীপাৰা শাখা সাহিত্য সভা ভৱনত প্ৰবীণ শিক্ষাবিদ আযুব উদ্দিন আহমেদৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

বিলাসীপাৰাত সাহিত্য সভাৰ উদ্যোগত প্ৰতিবাদী মঞ্চ গঠন 

উক্ত সভাতে বিলাসীপাৰা শাখা সাহিত্য সভাৰ নেতৃত্বত দল-সংগঠনৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ সংমিলিত এখন প্ৰতিবাদী মঞ্চ গঠন কৰা হয়।

বিলাসীপাৰাত সাহিত্য সভাৰ উদ্যোগত প্ৰতিবাদী মঞ্চ গঠন 

এই প্ৰতিবাদী মঞ্চৰ উদ্যোগত অহা ৩০ জানুৱাৰীত বিলাসীপাৰাত সকলো জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব।

বিলাসীপাৰাত সাহিত্য সভাৰ উদ্যোগত প্ৰতিবাদী মঞ্চ গঠন 

উক্ত কাৰ্যসূচীত সকলো জনগোষ্ঠীয় দল-সংগঠন ভাষা-ভাষিক, জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে অংশগ্ৰহণ কৰিবলৈ প্ৰতিবাদী মঞ্চই আহবান জনায়। উক্তদিনাই এই প্ৰতিবাদী আন্দোলনৰ জৰিয়তে জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক বাতিলৰ বাবে ভাৰত চৰকাৰৰ ওচৰত স্মাৰক-পত্ৰ প্ৰদান কৰা হ'ব বুলি মঞ্চই জানিবলৈ দিয়ে।

বিলাসীপাৰাত সাহিত্য সভাৰ উদ্যোগত প্ৰতিবাদী মঞ্চ গঠন 

এই প্ৰতিবাদী মঞ্চত আছে বুদ্ধিজীৱী, শিক্ষাবিদ আযুব উদ্দিন আহমেদ, প্ৰাক্তন বিধায়ক ইউছুফ আলী আহমেদ, দেৱব্ৰত দাস (বাবলা), ওমেন্দ্ৰ নাথ, প্ৰবীণ সাংবাদিক মোছলেম উদ্দিন আহমেদ, সঞ্জীত দাস, জীতেন শৰ্মা, সদানন্দ বৰকলিতাৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী৷

Your Comments